কৰিমগঞ্জ,17 ছেপ্তেম্বৰঃ সমগ্ৰ বিশ্বৰ লগতে কৰ'ণা মহামাৰীৰ ফলত জুৰুলা হৈ পৰিছে ভাৰতবৰ্ষও ৷ দেশৰ অৰ্থনীতিত পৰিছে ব্যাপক প্ৰভাৱ ৷ তেনে এক ছবি দেখা পোৱা গ'ল ত্ৰিপুৰাত ৷ ক’ভিড-19 ৰ সংক্ৰমণৰ কাৰণে এইবাৰ পূজাৰ সামগ্ৰী তথা ফলমূল বিক্ৰীৰ ক্ষেত্ৰতো ব্যৱসায়ীসকল সন্মুখীন হৈছে বৃহৎ লোকচানৰ ৷
তদুপৰি পূজা উদযাপনৰ ক্ষেত্ৰত পূজা মণ্ডপত ভক্তৰ সমাগম সন্দৰ্ভত চৰকাৰে বান্ধি দিছে কেতবোৰ নীতি-নিয়ম ৷ যাৰ ফলশ্ৰুতিত পূজা মণ্ডপসমূহতো নাই কোনো ধৰণৰ উৎসাহ ৷ যাৰ উদাহৰণ পৰিলক্ষিত হ'ল ত্ৰিপুৰাৰ গৌমতী জিলাৰ লগতে ৱেলেক অঞ্চলত ৷ পূৰ্বৰ দৰে দেখা পোৱা নগ'ল বিশ্বকৰ্মা পূজাৰ আয়োজন ৷