কৰিমগঞ্জ, 15 অক্টোবৰ: চৰকাৰ গঠন কৰিয়েই অবৈধ ব্যৱসায়, ছিণ্ডিকেট বন্ধ কৰি সংস্কাৰ সাধনৰ কথা কৈছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ কিন্তু ৰাজ্যত প্ৰকৃততে ছিণ্ডিকেট বন্ধ হৈছে নে ? কিয়নো ৰাজ্যৰ চুকে-কোণে এতিয়াও অব্যাহত আছে বাৰ্মিজ চুপাৰিৰ অবৈধ ব্যৱসায় (Barmese Supari) ৷
শেহতীয়াকৈ, শিলচৰত গ্ৰেপ্তাৰ বাৰ্মিজ চুপাৰি ছিণ্ডিকেটৰ কিংপিন (Burmese supari syndicate kingpin arrested in Silchar) মুছা আহমেদ ছিদ্দিকি ৷ শিলচৰ কুম্ভিৰগ্ৰাম বিমানবন্দৰৰ পৰা কাছাৰ আৰক্ষীয়ে শুকুৰবাৰে গ্ৰেপ্তাৰ কৰে বাৰ্মিজ চুপাৰি ছিণ্ডিকেটৰ কিংপিংটোক ৷ দীৰ্ঘদিনৰ পৰা পলাতক হৈ আছিল ধৃত মুছা আহমেদ ছিদ্দিকি ৷ দীৰ্ঘদিনৰ পৰা বৰাক উপত্যকাসহ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত বাৰ্মিজ চুপাৰিৰ অবৈধ বেহা চলাই আহিছিল ধৃত মুছা আহমেদে ৷
উল্লেখ্য যে, চুপাৰি মাফিয়াৰ বিৰুদ্ধে গুৱাহাটী মহানগৰীৰ ক্ৰাইম ব্ৰাঞ্চত ৰুজু হৈ থকা গোচৰৰ মুখ্য অভিযুক্ত আছিল মুছা আহমেদ ছিদ্দিকি ৷ লগতে কাছাৰৰ ধলাই আৰক্ষী চকীতো গোচৰ ৰুজু আছে মুছা আহমেদৰ বিৰুদ্ধে ৷ ধৃত মুছা আহমেদ ছিদ্দিকিৰ ঘৰ কৰিমগঞ্জত বুলি জানিব পৰা গৈছে (Burmese supari syndicate) ৷