কৰিমগঞ্জ, 11 আগষ্ট :ৰাজ্যত ক'ভিড-19 ৰ সংহাৰ অব্য়াহত থকাৰ মাজতে বাংলাদেশলৈ চোৰাং গৰু সৰবৰাহক কেন্দ্ৰ কৰি ভাৰত-বাংলাদেশ সীমান্তত তীব্ৰ উত্তেজনা অব্যাহত আছে ৷ গৰু সৰবৰাহত বাধা দিয়াৰ বাবে সীমান্ত আৰক্ষীৰ সৈতে সংঘাতত লিপ্ত গাঁওবাসী ৷ উক্ত সংঘাতত গুৰুতৰভাবে আহত সীমান্ত আৰক্ষীৰ দুজনকৈ জোৱানৰ লগতে গৰু সৰবৰাহকাৰী তিনি গৰাকী লোক ৷
ঘটনাৰ বিৱৰণ অনুসৰি, সোমবাৰৰ নিশা চুবুৰীয়া ৰাজ্যৰ ত্ৰিপুৰাৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী প্ৰত্যেকৰায় পঞ্চায়তৰ অন্তৰ্গত ইছাৰপাৰ এলেকাৰ সীমান্তত থকা কাইটিয়া বেৰ কাটি একাংশ লোকে বাংলাদেশলৈ গৰু সৰবৰাহৰ চেষ্টা চলাইছিল ৷ সেই সময়ত সীমান্তত পহৰাৰ দায়িত্বত থকা জোৱান সকলে সৰবৰাহকাৰী দলটোক বাধা প্ৰদান কৰাত গৰু সৰবৰাহকাৰী দলটোৱে সীমান্ত আৰক্ষীৰ ওপৰত আক্ৰমণ কৰাৰ অভিযোগ উখাপন হৈছে ৷ পৰৱৰ্তী সময়ত সীমান্ত আৰক্ষী আৰু সৰবৰাহকাৰীৰ মাজত সৃষ্টি হোৱা সংঘাতত তিনিজনকৈ চোৰাং ব্যবসায়ীৰ লগতে দুজনকৈ সীমান্ত আৰক্ষীৰ জোৱান আঘাতপ্ৰাপ্ত হয় ৷ আনহাতে, উক্ত ঘটনাৰ পিচতে আহত সীমান্ত আৰক্ষীৰ জোৱান কেইগৰাকীৰ লগতে গৰু সৰবৰাহকাৰীৰ আহত সকলক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।