কৰিমগঞ্জ, 8 মাৰ্চ : কৰিমগঞ্জৰ মাইজডিহিস্থিত 7 নং বেটেলিয়নৰ মুখ্য কাৰ্যালয়ত এজন বি.এছ.এফ. জোৱানে আত্মহত্যা কৰে ৷ পুৱাৰ ভাগত কেম্পৰ ভিতৰত এজোপা গছত উলমি থকা অৱস্থাত বিনোদ কুমাৰ গুপ্তা নামৰ জোৱানজনৰ মৃতদেহ উদ্ধাৰ হয় ৷ সীমা সুৰক্ষা বাহিনীৰ 7 নং বেটেলিয়নত কৰ্মৰত 40 বছৰীয়া জোৱানজনৰ ঘৰ উত্তৰ প্ৰদেশৰ গাজিয়াবাদত বুলি জানিব পৰা হৈছে ৷ কৰ্তব্যৰ বাবে কৰিমগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তত নিযুক্ত আছিল বিনোদ কুমাৰ গুপ্তা ৷
কৰিমগঞ্জত বিএছএফ জোৱানৰ আত্মহত্যা
কৰিমগঞ্জত এজন বিএছএফ জোৱানে আত্মহত্যা কৰিছে ৷ আত্মহত্যা কৰা জোৱানজনৰ নাম বিনোদ কুমাৰ গুপ্তা ৷
কৰিমগঞ্জত বিএছএফ জোৱানৰ আত্মহত্যা
উল্লেখ্য যে, আত্মহননৰ খবৰ পোৱাৰ পাচতে ঘটনাস্থলীত উপস্থিত হয় কৰিমগঞ্জ আৰক্ষী ৷ দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ৷ আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, জোৱানজনৰ সতীৰ্থই অনুমান কৰিছে যে পাৰিবাৰিক কন্দলৰ ফলত আত্মহত্যাৰ পথ বাছি লয় গুপ্তাই ৷