অসম

assam

অসম-ত্ৰিপুৰা সীমান্তত আটক ড্ৰাগছ সৰবৰাহকাৰী

By

Published : Mar 23, 2020, 11:28 AM IST

কৰিমগঞ্জ জিলাৰ অসম-ত্ৰিপুৰা সীমান্তৰ কুকীতল এলেকাত আৰক্ষীৰ নিয়মীয়া তালাচীত AS-10E-0557 নম্বৰৰ এখন মটৰ চাইকেলৰ পৰা জব্দ কৰা হয় প্ৰায় পচিশ গ্ৰাম ব্ৰাউন ছুগাৰ ।

BROWN SUGER SEIZED
BROWN SUGER SEIZED

কৰিমগঞ্জ, 23 মাৰ্চ : কৰিমগঞ্জত অব্যাহত আছে বৰবিহ ড্ৰাগছৰ সৰবৰাহ। পাথাৰকান্দিত আৰক্ষীৰ অভিযানত দুজন ড্ৰাগছ সৰবৰাহকাৰী আটক হোৱাৰ লগতে জব্দ লাখ টকা মূল্যৰ ব্ৰাউন ছুগাৰ । আটক হোৱা ড্ৰাগছ সৰবৰাহকাৰী দুজন পাথাৰকান্দিৰজয়নুল উদ্দিন আৰু জয়নুল হুছেইন

কৰিমগঞ্জত জব্দ ড্ৰাগছ
কৰিমগঞ্জ জিলাৰ অসম-ত্ৰিপুৰা সীমান্তৰ কুকীতল এলেকাত আৰক্ষীৰ নিয়মীয়া তালাচীতAS-10E-0557 নম্বৰৰ এখন মটৰ চাইকেলৰ পৰা জব্দ কৰা হয় প্ৰায় পচিশ গ্ৰাম ব্ৰাউন ছুগাৰ । মটৰ চাইকেলৰে ড্ৰাগছ কঢ়িয়াই জয়নুল হুছেইন আৰু জয়নুল উদ্দিনে ব্ৰাউন ছুগাৰখিনি ত্ৰিপুৰালৈ সৰবৰাহৰ উদ্দেশ্যে গৈ আছিল। ত্ৰিপুৰাৰ কোনো সৰবৰাহকাৰীৰ হাতত ব্ৰাউন ছুগাৰখিনি চমজাই দিয়াৰ কথা আছিল যদিও আৰক্ষীৰ অভিযানত ধৰা পৰে দুই সৰবৰাহকাৰী ৷
অসম-ত্ৰিপুৰা সীমান্তত আৰক্ষীৰ অভিযান

ABOUT THE AUTHOR

...view details