অসম

assam

ETV Bharat / state

ত্ৰিপুৰা আৰক্ষীৰ জালত পাথাৰকান্দিৰ ড্ৰাগছ সৰবৰাহকাৰী যুৱক - ড্ৰাগছৰ ৰমৰমীয়া বেহা

উত্তৰ ত্ৰিপুৰাৰ আৰক্ষী অধীক্ষক ভানুপদ চক্ৰৱৰ্তীয়ে অভিযান চলাই খোজকাঢ়ি গৈ থকা অৱস্থাত ড্ৰাগছ বেপাৰী বদৰুলক গ্ৰেপ্তাৰ কৰে ।

BROWN SUGAR SEIZED AT TIPURA
ত্ৰিপুৰা আৰক্ষীৰ জালত পাথাৰকান্দিৰ ড্ৰাগছ সৰবৰাহকাৰী যুৱক

By

Published : Sep 17, 2020, 7:10 PM IST

কৰিমগঞ্জ,17 ছেপ্তেম্বৰঃ বিশ্বজুৰি কৰণা আতংকৰ মাজতো কৰিমগঞ্জ জিলাৰ বিভিন্ন অঞ্চলত চলিছে ড্ৰাগছৰ ৰমৰমীয়া বেহা ৷ কৰিমগঞ্জ জিলাক ক'ৰিডৰ হিচাপে ব্যৱহাৰ কৰি চুবুৰীয়া ৰাজ্য সমূহলৈ চলিছে অবৈধ বেহা ৷ পাথাৰকান্দি আৰক্ষী থানাৰ অধীনস্থ বাংলাটিলাৰ যুৱক বদৰুল হক অসমৰ পৰা ত্ৰিপুৰাত ব্ৰাউন চুগাৰ সৰবৰাহ কৰাৰ প্ৰাকমুহূৰ্তত ত্ৰিপুৰা আৰক্ষীৰ জালত পৰে ।

ত্ৰিপুৰা আৰক্ষীৰ জালত পাথাৰকান্দিৰ ড্ৰাগছ সৰবৰাহকাৰী যুৱক

উত্তৰ ত্ৰিপুৰাৰ আৰক্ষী অধীক্ষক ভানুপদ চক্ৰৱৰ্তীয়ে অভিযান চলাই খোজকাঢ়ি গৈ থকা অৱস্থাত ড্ৰাগছ বেপাৰী বদৰুলক গ্ৰেপ্তাৰ কৰে। অভিযানকালত দুটা টেমাৰ ভিতৰত ২৫গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰিৱলৈ সক্ষম হয়। যাৰ বজাৰ মূল্য কেইবা লাখ টকা হ’ব বুলি জানিব পৰা গৈছে ৷ উল্লেখযোগ্য যে,বৰবিহ ড্ৰাগছ কৰিমগঞ্জ জিলাত সহজলভ্য হৈ পৰিছে জিলাখনৰ অলিয়ে গলিয়ে সহজলভ্য হৈ পৰিছে ড্ৰাগছ । জিলাখনক ড্ৰাগছ ব্যৱসায়ৰ ক’ৰিডৰ হিচাপে বাচি লৈছে ড্ৰাগছ বেপাৰী সকলে । পাথাৰকান্দিৰ পৰা চুবুৰীয়া ৰাজ্যে ত্ৰিপুৰা হৈ বাংলাদেশলৈ সৰবৰাহ হয় ড্ৰাগছ,ফেনচিডাইল,ইয়াবা টেবলেট আদিকে ধৰি বিভিন্ন ধৰণৰ নিচা জাতীয় সামগ্ৰী।

লগতে পঢ়কঃউদণ্ড ট্ৰাক চালকৰ পৰা কথমপি প্ৰাণ ৰক্ষা আৰক্ষীৰ

ABOUT THE AUTHOR

...view details