কৰিমগঞ্জ,22 নৱেম্বৰ : বহু জৈৱ আৰু ঔষধি গুণ সম্পন্ন গছৰ সমাহাৰক লৈ কৰিমগঞ্জ জিলাৰ ৰাতাবাড়ী সমষ্টিৰ চৰগোলাত শনিবাৰে এখন আটক ধুনীয়া উদ্ভিদ উদ্যান অৰ্থাৎ বটানিকেল পাৰ্ক মুকলি কৰে ৰাজ্য়ৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷ সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশৰ মাজত তিনি হেক্টৰ ভূমিত কেন্দ্ৰীয় চৰকাৰৰ CAMPA আঁচনিৰ অধীনত এই উদ্যানখন নিৰ্মাণ কৰা হৈছে ৷
উদ্য়ানখনত এহেজাৰ বিধ ঔষধি আৰু জৈৱ-বৈচিত্ৰৰ গছ-গছনি ৰোপন কৰা হৈছে ৷ চন্দন, ৰুদ্ৰাক্ষৰৰ পৰা আৰম্ভ কৰি নিম, গিলৈ, কাজুবাদাম, দালচিনি, আম, জামসহ সকলো উদ্ভিদ ৰোপন কৰা হৈছে উদ্ভিদখনত ৷ ‘সাহিত্য মনিষী উপবন’ নামেৰে নামাকৰণ কৰা এই উদ্যানখনৰ পৰা স্থানীয় ৰাইজে আনন্দ উপভোগ কৰাৰ লগতে জীৱবিজ্ঞান বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে উপকৃত হ’ব ৷
উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ সৈতে উপস্থিত থাকে কৰিমগঞ্জৰ সাংসদ কৃপানাথ মাল্লা, ৰাতাবাড়ীৰ বিধায়ক বিজয় মালাকাৰসহ বন বিভাগৰ উচ্চপদস্থ বিষয়াসকল ৷