অসম

assam

ETV Bharat / state

শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন সীমান্ত সুৰক্ষা বাহিনীৰ

দেশৰ 74 সংখ্যক স্বাধীনতা দিৱসৰ দিনটোত সীমান্ত সুৰক্ষা বাহিনীৰ ৭ নং বেটেলিয়নে জিলাখনৰ ডাকবাংলা ৰোডৰ ভাৰত-বাংলা সীমান্তৰ কুঁশিয়াৰা নৈৰ পাৰত অৱস্থিত বিসৰ্জন ঘাটত থকা মেজৰ চমনলাল আৰু বিএছএফৰ এছআই গুৰুঙৰ স্মৃতিসৌধত মাল্যাৰ্পণ কৰি সামৰিক অভিবাদন জ্ঞাপন কৰে ৷

By

Published : Aug 16, 2020, 10:46 AM IST

Border Security Force pays homage to martyrs in karimganj assam etv bharat news
শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন সীমান্ত সুৰক্ষা বাহিনীৰ

কৰিমগঞ্জ,16 আগষ্ট:দেশৰ 74 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে কৰিমগঞ্জত শনিবাৰে বীৰ শ্বহীদসকলৰ সোঁৱৰণত অনুষ্ঠিত কৰা হয় এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৷ উক্ত অনুষ্ঠানৰ আয়োজন কৰে সীমাৰ নিৰাপত্তাৰ দায়িত্বত নিয়োজিত জোৱানসকলে ৷ পৰাধীনতাৰ শিকলি ছিঙি দেশক স্বাধীন কৰাৰ ক্ষেত্ৰত জীৱনকো তুচ্ছ জ্ঞান কৰি স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰি প্ৰাণাহুতি দিছিল বহুকেইগৰাকী স্বাধীনতা সংগ্ৰামীয়ে ৷

শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন

সেয়ে স্বাধীনতা দিৱসৰ দিনটোত সীমান্ত সুৰক্ষা বাহিনীৰ ৭ নং বেটেলিয়নে জিলাখনৰ ডাকবাংলা ৰোডৰ ভাৰত-বাংলা সীমান্তৰ কুঁশিয়াৰা নৈৰ পাৰত অৱস্থিত বিসৰ্জন ঘাটত থকা মেজৰ চমনলাল আৰু বিএছএফৰ এছআই গুৰুঙৰ স্মৃতিসৌধত মাল্যাৰ্পণ কৰি সামৰিক অভিবাদন জ্ঞাপন কৰে ৷ উল্লেখ্য যে,কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এইবেলি স্বাধীনতা দিৱসৰ কাৰ্যসূচী দেশত অতি সীমিতভাৱে পালন কৰা হৈছে ৷

লগতে চাওকঃনলবাৰীত আছুৰ 18 ঘণ্টীয়া অনশন কাৰ্যসূচী

ABOUT THE AUTHOR

...view details