কৰিমগঞ্জ, তেজপুৰ,১৮ অক্টোবৰ: অসমৰ লগত চুবুৰীয়া ৰাজ্য সমূহৰ সীমা বিবাদ এক জলন্ত সমস্যা । দীৰ্ঘদিনীয়া এই সমস্যা সমাধানৰ বাবে কোনো এখন চৰকাৰেই নিজৰ দায়িত্ব পালন নকৰিলে পৰিণতিত নিতৌ এখন এখন ৰাজ্যৰ লগত দৈনিক সংঘটিত হ’ব ধৰিছে সীমা সমস্যাৰ ।
অসম-মিজোৰাম সীমান্তত চলি থকা মিজো আগ্ৰাসনে পুনৰ ভংয়কৰ ৰূপ লৈছে ৷ সৃষ্টি হৈছে সীমা বিবাদ ৷ ফলস্বৰূপে এক উত্তেজনাপূৰ্ণ পৰিবেশ বিৰাজ কৰিছে অসম-মিজোৰামৰ সীমান্তৰ লাইলপুৰ অঞ্চলত । অসমৰ কাছাৰ জিলাৰ অন্তৰ্গত লাইলপুৰ অঞ্চল পুনৰ মিজো আগ্ৰাসনৰ বলি হ’ব লগা হৈছে আৰু এক ৰক্তাক্ত পৰিস্থিতি উদ্ভৱ হয় সেই স্থানত । শনিবাৰে কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক বনোৱাৰ লাল মীনা অমীমাংসিত অঞ্চল ভ্ৰমণ কৰিছিল যদিও ফলপ্ৰসূ নহ’ল ।
আৰক্ষী অধীক্ষক উভতি অহাৰ পিচত মিজোৰামৰ দিশৰ পৰা কিছু দুৰ্বৃত্তই লাইলপুৰ অঞ্চলত নিশা প্ৰৱেশ কৰি বহুতো ঘৰ জ্বলাই দিয়ে আৰু কিছু স্থানীয় লোকক মাৰ-ধৰ কৰে বুলি জানিব পৰা গৈছে । কাছাৰৰ আৰক্ষী অধীক্ষকে কোনো ধৰণৰ ভুৱা অপপ্ৰচাৰত ভোল নাযাবলৈ সকলোকে সজাগ কৰিছে । ইয়াৰ লগতে সমগ্ৰ অঞ্চলতে বলৱৎ কৰা হৈছে সান্ধ্যআইন ৷
অসম-মিজোৰাম সীমান্তত উত্তেজনা; প্ৰশাসনৰ সান্ধ্যআইন জাৰী - অৰ্ধ সামৰিক বাহিনী
অসম-মিজোৰাম সীমান্তত চলি থকা মিজো আগ্ৰাসনে পুনৰ ভংয়কৰ ৰূপ লৈছে ৷ সৃষ্টি হৈছে সীমা বিবাদ ৷ ফলস্বৰূপে এক উত্তেজনাপূৰ্ণ পৰিবেশ বিৰাজ কৰিছে অসম-মিজোৰামৰ সীমান্তৰ লাইলপুৰ অঞ্চলত ।

border dispute
অসম-মিজোৰাম সীমান্তত উত্তেজনা
বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে মিজোৰামৰ ভৰাইণ্টত কেইবাখনো তালাচী চকীত আৰু সমীপৱৰ্তী এলেকাত অসমৰ প্ৰায় ৩00 ৰো অধিক যানবাহন আবদ্ধ হৈ আছে ,আনহাতে আইজলতো বহুতো অসমৰ লোক আবদ্ধ হৈ পৰিছে । ইতিমধ্যে মিজোৰামত কাৰফিউ দিয়া হৈছে স্পৰ্শকাতৰ অঞ্চলত । দুয়ো পক্ষৰ লোকে হাতত লাঠি লৈ প্ৰহাৰ কৰাৰ ফলত কেইবাজনো লোক আহত হৈছে । ঘটনা সম্পৰ্কে অসম আৰক্ষীৰ সীমান্ত শাখাৰ অতিৰিক্ত সঞ্চালক মুকেশ আগৰৱালাক ফোন যোগে যোগাযোগ কৰিও বাতৰি পৰিবেশন কৰা সময়লৈকে যোগাযোগ স্থাপন কৰিব পৰা নহ’ল ।
Last Updated : Oct 20, 2020, 3:22 PM IST