কৰিমগঞ্জ, 10 ছেপ্টেম্বৰ :খোদ নিজ দলৰ সাংসদৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদত লিপ্ত হ’ল বিজেপি কৰ্মী । কৰিমগঞ্জৰ সাংসদ কৃপানাথ মাল্লাহৰ বিৰুদ্ধে এইবাৰ বিৰোধী নহয়, স্বদলীয় একাংশ কৰ্মী নামিছে প্ৰতিবাদত । পাথাৰকান্দি সমষ্টিৰ একাংশ বিজেপি কৰ্মীয়ে উত্তাল প্ৰতিবাদ কৰিলে সমষ্টিৰ সোনাখিৰা এলেকাত । কৃপানাথ মাল্লাহ হায় হায়, কৃপানাথ মাল্লাহ গ’ বেক আদি ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰিলে দলীয় কৰ্মী সকলে ৷
কৃপানাথ মাল্লাহক কোনো পধ্যে চাহ জনগোষ্ঠীৰ নেতা হিচাপে মানি লোৱা নহ’ব বুলিও হুংকাৰ প্ৰদান কৰিছে নিজৰে দলৰ একাংশ কৰ্মীয়ে । বিজেপি কৰ্মী সকলে নিজৰ দলীয় সাংসদৰ বিৰুদ্ধে ইমানতে ক্ষান্ত নাথাকি পাথাৰকান্দি সমষ্টিত দলীয় সাংসদক প্ৰবেশ কৰিব দিয়া নহ’ব বুলিও হুংকাৰ প্ৰদান কৰে । শুনি আচৰিত লাগিলেও এয়াই সত্য ।
বিৰোধীৰ দৰেই এতিয়া দলীয় সাংসদৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে দলীয় কৰ্মীৰ এটা অংশ । এনেদৰেই পাথাৰকান্দি সমষ্টিৰ সোনাখিৰা বিজেপি কাৰ্যালয় উত্তপ্ত কৰি তোলে বিজেপি দলৰ একাংশই ৷ পাথাৰকান্দি সমষ্টিৰ বিজেপি কৰ্মী তথা একাংশ দলীয় পদাধিকাৰীয়ে কৃপানাথ মাল্লাহৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে যে, বিগত লোকসভা নিৰ্বাচনত পাথাৰকান্দি সমষ্টিৰ ভোটাৰে কৃপানাথ মাল্লাহক আশী হেজাৰ ভোট প্ৰদান কৰিছিল ৷