অসম

assam

ETV Bharat / state

Money Extortion Case : ধনদাবীৰ ঘটনাত নিলামবজাৰত গ্ৰেপ্তাৰ বিজেপি কৰ্মী - kidnapping at Nilambazar in Karimganj

আৰক্ষীয়ে ১৫০/২২ নম্বৰত গোচৰ পঞ্জীয়ন কৰি সোমবাৰে নিশা নিলামবাজাৰৰ ব্যৱসায়ী তথা বিজেপি নেতা প্ৰীতম দে' আৰু তেওঁৰ সহযোগী কল্যাণ দে'ক গ্ৰেপ্তাৰ কৰে (BJP worker arrested for money extortion in Karimganj) । কিন্তু নিশাৰ ভাগতে শাসকীয় দলৰ বিভিন্ন নেতা গৈ প্ৰীতম দে' আৰু তেওঁৰ সহযোগীজনক মুক্ত কৰিবলৈ থানাত উপস্থিত হয় ।

bjp
bjp

By

Published : Oct 13, 2022, 2:01 PM IST

কৰিমগঞ্জ, ১৩ অক্টোবৰ : কৰিমগঞ্জত বেজেপি কৰ্মীৰ ধনদাবীৰ ঘটনা (BJP worker demands money in Karimganj) সন্দৰ্ভত অৱশেষত ব্যৱস্থা গ্ৰহণ আৰক্ষীৰ । উক্ত ধনদাবীৰ ঘটনাত অৱশেষত অভিযুক্তক গ্ৰেপ্তাৰ কৰে নিলামবজাৰ আৰক্ষীয়ে (money extortion accused arrested Karimganj) । বিজেপি কৰ্মী প্ৰীতম দে' আৰু তেওঁৰ সহযোগী কল্যাণ দে'ক গ্ৰেপ্তাৰ কৰে নিলামবজাৰ আৰক্ষীয়ে ।

অৱশ্যে পুৱাতেই জামিনত মুকলি কৰি দিয়ে অভিযুক্তকেইজনক । ঘটনা অনুসৰি, কেইদিনমান পূৰ্বে নিলামবজাৰ এলেকাৰ এগৰাকী ছোৱালীক অপহৰণৰ এক ঘটনা সংঘটিত হৈছিল (kidnapping at Nilambazar in Karimganj) । উক্ত অপহৰণ কাণ্ডৰ এখন এজাহাৰৰ ভিত্তিত নিলামবজাৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে । অৱশ্যে পিছত অপহৃতা ছোৱালীগৰাকীৰ সন্ধান পায় আৰক্ষীয়ে ।

ধনদাবীৰ ঘটনাত নিলামবজাৰত গ্ৰেপ্তাৰ বিজেপি কৰ্মী

উক্ত অপহৰণ কাণ্ডৰ অপহৰণকাৰীৰ ‌সন্দেহৰ তালিকাত নাম আছিল ছফিক আলি নামৰ এজনৰ । কিন্তু প্ৰীতম দে' নামৰ এজন বিজেপি কৰ্মীয়ে উক্ত গোচৰ নিষ্পত্তি কৰি দিয়াৰ বাবে ছফিক আলিৰ পৰা পঞ্চাছ হাজাৰ টকা দাবী কৰাৰ অভিযোগ উত্থাপিত হৈছে । পিছত ছফিক আলিয়ে প্ৰীতম আৰু কল্যাণৰ বিৰুদ্ধে নিলামবজাৰ থানাত এটা গোচৰ ৰজু কৰে ।

উক্ত আবেদনৰ ভিত্তিত আৰক্ষীয়ে ১৫০/২২ নম্বৰত গোচৰ পঞ্জীয়ন কৰি সোমবাৰে নিশা নিলামবাজাৰৰ ব্যৱসায়ী তথা বিজেপি নেতা প্ৰীতম দে' আৰু তেওঁৰ সহযোগী কল্যাণ দে'ক গ্ৰেপ্তাৰ কৰে (BJP worker arrested for money extortion) । কিন্তু নিশাৰ ভাগতে শাসকীয় দলৰ বিভিন্ন নেতা গৈ প্ৰীতম দে' আৰু তেওঁৰ সহযোগীজনক মুক্ত কৰিবলৈ থানাত উপস্থিত হয় । কিন্তু নিলামবজাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপজ্যোতি মালাকাৰে তেওঁলোকক অপ্ৰয়োজনীয়ভাৱে থানাত লৰালৰি নকৰিবলৈ কয় ।

আনহাতে, পাথাৰকান্দি আৰক্ষী থানাৰ পৰা অতিৰিক্ত কেন্দ্ৰীয় বাহিনীৰ জোৱান আৰু অতিৰিক্ত আৰক্ষী জোৱানক নিশাতেই থানালৈ অনা হয় । কিন্তু অৱশেষত প্ৰবল ৰাজনৈতিক হেঁচাত প্ৰীতম দে' আৰু কল্যাণ দে'ক মঙলবাৰে পুৱাৰ ভাগত আৰক্ষীয়ে মুকলি কৰি দিয়ে । ঘটনা সন্দৰ্ভত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপজ্যোতি মালাকাৰে কয় যে এটা অপহৰণৰ গোচৰ নিষ্পত্তিৰ বাবে পঞ্চাছ হাজাৰ টকা দাবী কৰা হৈছে । এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছে । কল ৰেকৰ্ডিঙৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় প্ৰীতম দে‌' আৰু কল্যাণ দে'ক । পিছত জামিনত মুকলি কৰি দিয়া হয় ।

লগতে পঢ়ক :Kokrajhar DTO detained: 36 লাখ টকা সহ আটক কোকৰাঝাৰৰ জিলা পৰিবহন বিষয়া

For All Latest Updates

ABOUT THE AUTHOR

...view details