অসম

assam

ETV Bharat / state

বিজেপিৰ দখলত কৰিমগঞ্জ জিলা পৰিষদ - বিজেপিয়ে দখল কৰিলে কৰিমগঞ্জ জিলা পৰিষদ

কংগ্ৰেছৰ মমতাজ বেগমক পৰাজিত কৰি কৰিমগঞ্জৰ নতুন জিলা পৰিষদৰ সভাপতি হ’ল বিজেপিৰ আশীষ নাথ, উপ-সভাপতি হিচাপে নিৰ্বাচিত হয় বিমলা শুক্লবৈদ্য ৷

কৰিমগঞ্জ জিলা পৰিষদত বিজেপিৰ দখল

By

Published : Nov 7, 2019, 8:38 PM IST

কৰিমগঞ্জ, 7 নবেম্বৰ: বহু প্ৰতীক্ষাৰ অন্তত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত অনুষ্ঠিত হোৱা কৰিমগঞ্জ জিলা পৰিষদৰ নিৰ্বাচনত জয়ী হল বিজেপি । নতুন সভাপতি হিচাপে নিৰ্বাচিত হ’ল বিজেপিৰ আশীষ নাথ । যোৱা 2018ৰ পঞ্চায়ত নিৰ্বাচনত কৰিমগঞ্জৰ 20 খন জিলা পৰিষদৰ মাজত কংগ্ৰেছে 10, বিজেপিয়ে 6, এআইউডিফয়ে 2 আৰু নিৰ্দলীয় হিচাপে 2 খন জিলা পৰিষদ আসন দখল কৰিবলৈ সক্ষম হৈছিল । ইয়াৰ পিছত অনুষ্ঠিত হোৱা জিলা পৰিষদ গঠনৰ সময়ত কংগ্ৰেছ আৰু বিজেপি উভয়দলে 10 টা কৈ ভোট পাবলৈ সক্ষম হয় ৷ ইয়াৰ ফলত ভাগ্য নিৰ্ণয়ৰ বাবে টছ হয় আৰু তেতিয়া জয়ী হয় কংগ্ৰেছ প্ৰাৰ্থী মমতাজ বেগম এই ঘটনাৰ পিছতে বিজেপি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপে ।

কৰিমগঞ্জ জিলা পৰিষদত বিজেপিৰ দখল
দীৰ্ঘদিন শুনানিৰ পিছত আদালতে পুনঃ জিলা পৰিষদ নিৰ্বাচন অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিয়ে কৰিমগঞ্জ জিলা প্ৰশাসনক । বৃহস্পতিবাৰে আদালতৰ নিৰ্দেশক্ৰমে কৰিমগঞ্জ জিলা প্ৰশাসনে কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত কৰিমগঞ্জ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ কনফাৰেন্স হলত অনুষ্ঠিত হয় জিলা পৰিষদ গঠনৰ বাবে নিৰ্বাচন । অনুষ্ঠিত এই নিৰ্বাচনত 20 সদস্যৰ ভিতৰত এজন এআইউডিফ সদস্য ৰহস্যজনকভাবে অনুপস্থিত থাকে । গোপন ব্যালেটৰ জৰিয়তে হোৱা ভোটত 10 টা কৈ ভোট লাভ কৰি জয়ী হয় বিজেপি প্ৰাৰ্থী আশীষ নাথ । তেওঁৰ নিকটতম প্ৰতিদ্বন্দী আছিল কংগ্ৰেছৰ মমতাজ বেগম আৰু উপ-সভাপতি হিচাপে নিৰ্বাচিত হয় বিজেপিৰ বিমলা শুক্লবৈদ্য ।

ABOUT THE AUTHOR

...view details