অসম

assam

By

Published : Dec 20, 2020, 3:22 PM IST

ETV Bharat / state

কৰিমগঞ্জত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাৰ ব্যাপক আয়োজন

অহা 23 আৰু 24 ডিচেম্বৰত পোনপ্ৰথম বাৰৰ বাবে সীমান্ত চহৰ কৰিমগঞ্জত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাৰ বাবে জিলাখনত ইতিমধ্যে তুংগত উঠিছে প্ৰস্তুতি ৷

ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাৰ আয়োজন
ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাৰ আয়োজন

কৰিমগঞ্জ, 20 ডিচেম্বৰ :অহা 23 আৰু 24 ডিচেম্বৰত পোনপ্ৰথম বাৰৰ বাবে সীমান্ত চহৰ কৰিমগঞ্জত অনুষ্ঠিত হ'ব ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভা ৷ সেই উপলক্ষে বৰাক উপত্যকাত ইতিমধ্যে আহি বাহৰ পাতিছে দলটোৰ ৰাজ্যিক সভাপতি ৰণজিৎ দাসে ৷ আনহাতে হাই ভ'ল্টেজ সভাখনক কেন্দ্ৰ কৰি যথেষ্ট ব্যস্ততা বাঢ়িছে কৰিমগঞ্জ জিলা বিজেপি দলৰ মাজত ৷

কৰিমগঞ্জত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাৰ আয়োজন

চহৰৰখনৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত চলিছে মঞ্চ নিৰ্মাণৰ কাম ৷ 23 তাৰিখে পতাকা উত্তোলনৰ জৰিয়তে সভাৰ শুভাৰম্ভণি কৰা হ'ব ৷ সভাৰ প্ৰথমট দিনা উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু দ্বিতীয় দিনা উপস্থিত থাকিব মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ গেৰুৱা দলে 23 আৰু 24 ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া সভাখনৰ পৰাই কৰিমগঞ্জৰ পৰা 21 ৰ নিৰ্বাচনৰ ৰণশিঙা বজাব বুলি উল্লেখ কৰিছে দলটোৰ কৰ্মকৰ্তা সকলে ৷ লগতে মিছন 100 প্লাছৰ শ্ল'গানেৰে বিজেপি কৰ্মী সকল নামি পৰিব বুলিও মন্তব্য কৰে কৰিমগঞ্জ জিলা বিজেপিৰ সভাপতি সুব্ৰত ভট্টাচাৰ্যই ৷

লগতে পঢ়ক:ইমণ সোণোৱালক ডিব্ৰুগড় উন্নয়ন প্ৰাধীকৰণৰ অধ্যক্ষৰ সম্বৰ্ধনা

ABOUT THE AUTHOR

...view details