অসম

assam

By

Published : Aug 5, 2020, 12:34 PM IST

ETV Bharat / state

অযোধ্যাৰ ভূমিপূজনৰ লগত সংগতি ৰাখি কৰিমগঞ্জত বিজেপিৰ যজ্ঞ

অযোধ্যাত আজি স্থাপন কৰা হ'ব ৰাম মন্দিৰৰ আধাৰশিলা ৷ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে দেশৰ বহুসংখ্যক গণ্য-মান্য ব্যক্তিয়েও ৷

bjp-organised-puja-at-party-office-in-karimganj
অযোধ্যাৰ ভূমিপূজনৰ লগত সংগতি ৰাখি কৰিমগঞ্জত বিজেপিৰ যজ্ঞ

কৰিমগঞ্জ, 5 আগষ্ট: অযোধ্যাত আজি স্থাপন কৰা হ'ব ৰাম মন্দিৰৰ আধাৰশিলা ৷ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে দেশৰ বহুসংখ্যক গণ্য-মান্য ব্যক্তিয়েও ৷ অযোধ্যাৰ এই ভূমিপূজনৰ সৈতে সংগতি ৰাখি কৰিমগঞ্জৰ বিজেপি কৰ্মকৰ্তাসকলে বিজেপিৰ জিলা কাৰ্যালয়ত এখন যজ্ঞৰ আয়োজন কৰিছে ৷ বুধবাৰে পুৱাৰ ভাগৰ পৰা বিজেপিৰ নেতা কৰ্মী সকলে উক্ত যজ্ঞৰ নীতি নিয়ম সমূহ পালন কৰাত ব্যস্ত থকা পৰিলক্ষিত হয় ৷ তদুপৰি ৰাম মন্দিৰ স্থাপনৰ আনন্দত কৰিমগঞ্জৰ মঠ-মন্দিৰ সমূহ সজাই তোলাৰ লগতে পূজা-অৰ্চনা, মিঠাই বিতৰণ আদি কাৰ্যসূচী হাতত লোৱা দেখা যায় ৷ তৎসত্তেও আজিৰ এই দিনটোক শান্তিপূৰ্ণভাৱে পালন কৰিবলৈ সকলোকে আহ্বান জনায় জিলা বিজেপিৰ অধ্যক্ষ মিশন ৰঞ্জন দাসে ৷

আনহাতে, কৰিমগঞ্জ জিলা প্ৰশাসনেও কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত নহবলৈ বিভিন্ন নিৰ্দেশনা জাৰি কৰাৰ লগতে চোকা দৃষ্টি ৰাখিছে ৷

লগতে পঢ়ক :ভূমি পূজনৰ বাবে অযোধ্যালৈ যাত্ৰা প্ৰধানমন্ত্ৰী মোডীৰ

ABOUT THE AUTHOR

...view details