কৰিমগঞ্জ,25 ফেব্ৰুৱাৰীঃ বুধবাৰে কৰিমগঞ্জত অসম বচাও আহক কাৰ্যসূচীত অংশগ্ৰহণ কৰি ভাৰতত মহিলা কংগ্ৰেছৰ সভনেত্ৰী সুস্মিতা দেৱে বিস্ফোৰক মন্তব্য প্ৰকাশ কৰে ৷ প্ৰদেশ কংগ্ৰেছৰ নিৰ্দেশমৰ্মে কৰিমগঞ্জত অসম বচাও ৰেলীত অংশগ্ৰহণ কৰি বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ৷ বিজেপি চৰকাৰ হ’লে আকৌ NRC হ’ব ৷ কিন্তু যদি কংগ্ৰেছৰ চৰকাৰ আহে 2014 চনৰ ভোটাৰ তালিকাত নাম থকা সকলোকে ভাৰতীয় নাগৰিক হিচাপে বিবেচিত কৰা হ’ব বুলি মন্তব্য কৰে সুস্মিতা দেৱে ৷
বিজেপিয়ে সাম্প্ৰদায়িকতাৰ ৰাজনীতি কৰে: সুস্মিতা দেৱ - বিজেপিয়ে বিধান সভাৰ নিৰ্বাচন
বিজেপি চৰকাৰ হ’লে আকৌ NRC হ’ব ৷ কিন্তু যদি কংগ্ৰেছৰ চৰকাৰ আহে 2014 চনৰ ভোটাৰ তালিকাত নাম থকা সকলোকে ভাৰতীয় নাগৰিক হিচাপে বিবেচিত কৰা হ’ব বুলি মন্তব্য কৰে সুস্মিতা দেৱে ৷
![বিজেপিয়ে সাম্প্ৰদায়িকতাৰ ৰাজনীতি কৰে: সুস্মিতা দেৱ বিজেপিয়ে সাম্প্ৰদায়িকতাৰ ৰাজনীতি কৰেঃ সুস্মিতা দেবে](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10767302-554-10767302-1614226741475.jpg)
বিজেপিয়ে সাম্প্ৰদায়িকতাৰ ৰাজনীতি কৰেঃ সুস্মিতা দেবে
বিজেপিয়ে সাম্প্ৰদায়িকতাৰ ৰাজনীতি কৰে: সুস্মিতা দেৱ
একেদৰ দেৱে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰসংগত কয় যে, বিজেপিয়ে বিধানসভাৰ নিৰ্বাচনত 100+ আসন লাভ কৰাৰ কথা ঘোষণা কৰি আহিছে ৷ কিন্তু বিজেপিয়ে পেট্ৰ’ল, ডিজেল, মিঠাতেলৰ পৰা সকলো সামগ্ৰীৰ মূল্য 100+ কৰিলে ৷ সেইকাৰণে তেওঁলোকে সততে 100+ বুলি কৈ থাকে ৷ আনহাতে বিজেপিয়ে সাম্প্ৰদায়িকতাৰ বাহিৰে নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ কোনো অস্ত্ৰ নাই বুলি কয় সুস্মিতা দেৱে ৷
লগতে পঢ়কঃ সোণৰ কণী পৰা হাঁহত পৰিণত অম্বিকাগিৰী পথ
Last Updated : Mar 2, 2021, 12:49 PM IST