অসম

assam

ETV Bharat / state

নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ বিজেপি-ৰূপা গাংগুলী - RUPA GANGULY

নিৰ্বাচনী প্ৰচাৰ অংশ লৈ ৰূপা গাংগুলীয়ে কয় যে বিৰোধী সকলে নাগৰিকত্ব সংশোধনী বিধেয়ক আনিবলৈ বাধা দিয়ে যদিও বিজেপিয়ে বিধেয়কখন গৃহীত কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ ৷ নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাৰ স্বাৰ্থত বিজেপিত অধিক আসনত জয়যুক্ত কৰিবলৈ আহ্বান জনায় ৰাজ্যসভাৰ সাংসদগৰাকীয়ে ৷

ৰূপা গাংগুলী

By

Published : Apr 13, 2019, 8:41 PM IST

কৰিমগঞ্জ , 13 এপ্ৰিল : কৰিমগঞ্জৰ ৰাতাবাৰীত নিৰ্বাচনী প্ৰচাৰত সাংসদ ৰূপা গাংগুলী ৷ কৰিমগঞ্জ জিলাৰ বাজাৰিচৰাৰ চন্দ্ৰপুৰত বিজেপি প্ৰাৰ্থী কৃপানাথ মাল্লাৰ হৈ কেইবাখনো নিৰ্বাচনী জনসভাত অংশ লয় ৰাজ্যসভাৰ সাংসদ,বাংলাৰ জনপ্ৰিয় অভিনেত্ৰী তথা মহাভাৰত ধাৰাবাহিকৰ দ্ৰৌপদী চৰিত্ৰত অভিনয় কৰি কোটি কোটি ভাৰতীয়ৰ মনত স্থান লাভ কৰা ৰূপা গাংগুলী ।

নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ বিজেপি-ৰূপা গাংগুলী

শনিবাৰে কৰিমগঞ্জৰ বাজাৰিচৰাৰ চন্দ্ৰপুৰ অঞ্চলত এখন নিৰ্বাচনী প্ৰচাৰ অংশ লৈ ৰূপা গাঙ্গুলীয়ে কয় যে বিৰোধী সকলে নাগৰিকত্ব সংশোধনী বিধেয়ক আনিবলৈ বাধা দিয়ে যদিও বিজেপিয়ে বিধেয়কখন গৃহীত কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ ৷ নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাৰ স্বাৰ্থত বিজেপিত অধিক আসনত জয়যুক্ত কৰিবলৈ আহ্বান জনায় ৰাজ্যসভাৰ সাংসদগৰাকীয়ে ৷ ৰাজ্যসভাৰ সাংসদগৰাকীয়ে ভাষণ প্ৰসংগত তেওঁৰ কলতাতাত জন্ম যদিও তেওঁৰ পিতৃ-মাতৃ বাংলাদেশ নাগৰিক আছিল বুলি প্ৰকাশ কৰে ৷ তেওঁ ভাষণত পশ্চিমবঙ্গৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ লগতে কংগ্ৰেছ আৰু চিপিআইএম দলক কঠোৰ ভাষাৰে সমালোচনা কৰে। সাংসদগৰাকীৰ উপৰিও সভাত উপস্থিত আছিল মন্ত্ৰী নৱ কুমাৰ দলে, পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পাল,বিজেপিৰ জিলা সভাপতি সুব্ৰত ভট্টাচাৰ্য, হৃষীকেশ নন্দী । সোমাবাৰে কৃপানাথ মাল্লাহৰ হৈ কৰিমগঞ্জ জিলাত নিৰ্বাচনী প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

ABOUT THE AUTHOR

...view details