কৰিমগঞ্জ,19 নৱেম্বৰ : বুধবাৰ সন্ধিয়া কৰিমগঞ্জৰ গণধৰ্ষণৰ ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলে ৷
কৰিমগঞ্জৰ পাথাৰকান্দিত বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ কৰ্মকৰ্তাসকলে নিলামবজাৰত সংঘটিত হোৱা ধৰ্ষণ কাণ্ডৰ সৈতে জড়িত অপৰাধীকেইটাক কঠোৰ শাস্তি প্ৰদানৰ দাবীৰে এই প্ৰতিবাদী কাৰ্যসূচী পালন কৰে ৷ লগতে পুনৰ যাতে বৰাক উপত্যকাত এনে ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰ বাবেও প্ৰশাসনক বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায় সংগঠন দুটাই ৷
উল্লেখ্য যে, বিগত সপ্তাহৰ শুকুৰবাৰে ত্ৰিপুৰাৰ দুই যুৱতীয়ে শিলচৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা নিজ মাতৃক সাক্ষাৎ কৰিবলৈ গৈছিল ৷ মাতৃক সাক্ষাৎ কৰি ত্ৰিপুৰালৈ উভটাৰ বাবে দুয়ো এখন অল্ট’ বাহন ভাড়া কৰে ৷
কিন্তু নিশা প্ৰায় 1 বজাত বাহনখনৰ চালকে অন্য এক পথেৰে লৈ গৈ কৰিমগঞ্জৰ নিলামবজাৰৰ এটি নিৰ্মিয়মান অট্টালিকাত দুয়ো যুৱতীকে বন্দী কৰি আন চাৰিজনৰ সৈতে দলবদ্ধভাৱে ধৰ্ষণ কৰে ৷
লগতে পঢ়ক :প্ৰাক্তন আৰক্ষী অধীক্ষকৰ পুত্ৰৰ ৰহস্যজনক মৃত্যুক লৈ উত্তপ্ত নামচাই