কৰিমগঞ্জ,16মাৰ্চ: আজি বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা শ্বহীদ দিৱস । 24 বছৰ পূৰ্বে অৰ্থাৎ 1996 চনৰ আজিৰ দিনটোত আছিল বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা স্বীকৃতিৰ দাবীত 501 ঘন্টীয়া ৰে’ল অবৰোধ আন্দোলন । আন্দোলনৰ প্ৰথম শাৰীত আছিল 31 বছৰ বয়সৰ সংগ্ৰামী নেত্ৰী সুদেষ্ণা সিংহ ।
আন্দোলন চলি থকাৰ সময়ত গুলিৰ শব্দই আজিও কঁপাই তুলে পাথাৰকান্দিৰ বিলবাৰী অঞ্চল ৷ আৰক্ষীৰ গুলিত অতি নিৰ্মমভাবে প্ৰাণ হেৰুৱাইছিল এই গৰাকী সংগ্ৰামী যুৱতীৰ লগতে আন বহু লোকে ।