কৰিমগঞ্জ, 18 নৱেম্বৰ:বিষ্ণুপ্ৰিয়া মণিপুৰী সম্প্ৰদায়ক কেন্দ্ৰীয় অনুসূচিত জনজাতি (চেন্ট্ৰেল অ'বিচি)ৰ অন্তৰ্গত কৰাৰ দাবীৰে কৰিমগঞ্জত 6 ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৷ দাবী মানি ন'ললে ধাৰাবাহিক আন্দোলনৰ হুংকাৰ প্ৰতিবাদকাৰীৰ ৷ সমগ্ৰ অসমৰ লগতে কৰিমগঞ্জ জিলা উপায়ুক্ত কাৰ্যালয়ৰ কাষত বৃহস্পতিবাৰে নিখিল বিষ্ণুপ্ৰিয়া মণিপুৰী মহাসভাৰ ৰাজ্যিক কমিটিৰ নেতৃত্বত চেন্ট্ৰেল অবিচি প্ৰদানৰ দাবীত এই 6 ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী লোৱা হয় ৷
প্ৰতিবাদকাৰী সকলে কয় যে 1996 চনৰ পৰাই তেওঁলোকে বিষ্ণুপ্ৰিয়া মণিপুৰী সম্প্ৰদায়ক কেন্দ্ৰীয় অনুসূচিত জনজাতিৰ অন্তৰ্গত কৰাৰ দাবী উত্থাপন কৰি আহিছে যদিও চৰকাৰৰ ফালৰ পৰা কোনোধৰণৰ সঁহাৰি লাভ কৰা নাই ৷ যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে সমগ্ৰ অসমতে এনে কাৰ্যসূচী পালন কৰাৰ বাবে বাধ্য হৈছে ৷