অসম

assam

ETV Bharat / state

পাথাৰকান্দিত ধৰ্ণাত বহিল বিষ্ণুপ্ৰিয়া মণিপুৰী - পাথাৰকান্দি চক্ৰ বিষয়াৰ কাৰ্যালয়

বিষ্ণুপ্ৰিয়া মণিপুৰী সম্প্ৰদায়ক কেন্দ্ৰীয় অ'বিচি তালিকাত অন্তৰ্ভুক্ত কৰাৰ দাবীৰে পাথাৰকান্দিত 5 ঘন্টীয় ধৰ্ণা ৷ চৰকাৰে সম্প্ৰদায়টোৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি কোনো সঁহাৰি নিদিয়াৰ অভিযোগত ৰাতিপুৱাৰ ভাগত এক সমদল বাহিৰ কৰি কেন্দ্ৰীয় অনুসূচিত জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ দাবী জনাই ৷

পাথাৰকান্দিত ধৰ্ণাত বহিল বিষ্ণুপ্ৰিয়া মণিপুৰী
পাথাৰকান্দিত ধৰ্ণাত বহিল বিষ্ণুপ্ৰিয়া মণিপুৰী

By

Published : Nov 19, 2020, 5:21 PM IST

কৰিমগঞ্জ, 19 নৱেম্বৰ:বিষ্ণুপ্ৰিয়া মণিপুৰী সম্প্ৰদায়ক কেন্দ্ৰীয় অনুসূচিত জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ দাবীৰে ৰাজ্যজুৰি হোৱা প্ৰতিবাদৰ অংশ হিচাপে পাথাৰকান্দিত বিষ্ণুপ্ৰিয়া মণিপুৰী সম্প্ৰদায়ৰ লোকসকলে পাঁচ ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী পালন কৰে ৷ সম্প্ৰদায়টোৰ কেবাটাও সংগঠনৰ কৰ্মকৰ্তা সকলে বৃহস্পতিবাৰে পাথাৰকান্দি চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সম্মুখত প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ৰাতিপুৱাৰ ভাগত এক প্ৰতিবাদী সমদল বাহিৰ কৰি চেন্ট্ৰেল অ'বিচি ৰ তালিকাত সম্প্ৰদায়টোক অন্তৰ্ভুক্ত কৰাৰ বাবে দাবী উত্থাপন কৰে ৷

চেন্ট্ৰেল অ'বিচি ৰ তালিকাত অন্ত্ৰভুক্তি কৰণৰ দাবীৰে প্ৰতিবাদী সমদল

প্ৰতিবাদকাৰীসকলে অভিযোগ কৰি কয় যে দীৰ্ঘদিনৰ পৰাই বিষ্ণুপ্ৰিয়া মণিপুৰী সম্প্ৰদায়ক কেন্দ্ৰীয় অনুসূচীত জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবে তেওঁলোকে দাবী উত্থাপন কৰি আহিছিল যদিও চৰকাৰে এইক্ষেত্ৰত কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে ৷ সেয়ে উপায়ন্তৰ হৈ সম্প্ৰদায়টোৰ লোকসকলে ৰাজ্যজুৰি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হৈছে ৷

লগতে পঢ়ক:চেন্ট্ৰেল অ'বিচি প্ৰদানৰ দাবীৰে বিষ্ণুপ্ৰিয়া মণিপুৰীৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details