অসম

assam

By

Published : Sep 23, 2019, 9:46 AM IST

ETV Bharat / state

কৰিমগঞ্জত বাইক চোৰ আটক

মটৰ চাইকেল চুৰৰ অভিযোগত কৰিমগঞ্জ আৰক্ষীয়ে আব্দুল মুনিম নামৰ এগৰাকী যুৱকক আটক কৰে ৷

কৰিমগঞ্জত বাইক চোৰ আটক

দক্ষিণ কৰিমগঞ্জ, 23 ছেপ্টেম্বৰঃড্ৰাগছ সেৱনৰ বাবে কৰিমগঞ্জৰ একাংশ যুৱক বিভিন্ন অসামাজিক কৰ্মত লিপ্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে ৷ তেনে সময়তে মটৰ চাইকেল চুৰিৰ অভিযোগত কৰিমগঞ্জ আৰক্ষীয়ে আব্দুল মুনিম নামৰ এগৰাকী যুৱকক আটক কৰে ৷

কৰিমগঞ্জত বাইক চোৰ আটক

জানিব পৰা মতে জিলা খনৰ নিলামবজাৰ প্ৰাথমিক চিকিৎসালয়ৰ চৌহদৰ পৰা AS-10-9609 নম্বৰৰ এখন মটৰ চাইকেল চুৰ হৈছিল ৷ আৰু এই চুৰিকাণ্ডৰ অভিযোগতে আৰক্ষীয়ে আব্দুল মুনিম নামৰ যুৱক গৰাকীক আটক কৰে ৷ ধৃত যুৱকজনৰ ভাষ্য মতে গাড়ী চুৰি চক্ৰটো এটা দলে নিয়ন্ত্ৰণ কৰে ৷ তথ্যানুসৰি নিজৰ ড্ৰাগছৰ চাহিদা পূৰণৰ বাবে একাংশ ড্ৰাগছ আসক্ত যুৱকে গাড়ী চোৰ চক্ৰৰ সৈতে জড়িত হৈ পৰিছে ৷ কেৱল মটৰ চাইকেলেই নহয়,ড্ৰাগছৰ চাহিদা পূৰণৰ বাবে একাংশ ড্ৰাগছ সেৱনকাৰীয়ে সৰু সৰু সামগ্ৰীও চুৰ কৰিবলৈ কুণ্ঠাবোধ নকৰে। ক্ৰমাৎ ভয়াৱহ ৰূপত বৃদ্ধি পাইছে ড্ৰাগছ সেৱন কৰা যুৱকৰ সংখ্যা ৷

ABOUT THE AUTHOR

...view details