অসম

assam

ETV Bharat / state

আন্তৰ্জাতিক সীমান্তৰ ২০ কিলোমিটাৰ দুৰত্বত গৰুৰ বৃহৎ বজাৰ! - গৰু

কৰিমগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তৰ চাৰি কিলোমিটাৰ নিলগত গৰুৰ বৃহৎ বজাৰৰ ভয়ংকৰ তথ্য । কেমেৰাত বন্দী অবৈধ বজাৰৰ দৃশ্য । দুই-চাৰিটা নহয় প্ৰায় পাঁচ শতাধিক গৰু মজুত আছে এই বজাৰত । হেজাৰৰো অধিক ক্ৰেতা থকাৰ অভিযোগ বজৰং দলৰ ।

আন্তৰ্জাতিক সীমান্তৰ ২০ কিলোমিটাৰ দুৰত্বত গৰুৰ বৃহৎ বজাৰ!

By

Published : Aug 1, 2019, 7:53 PM IST

কৰিমগঞ্জ, 1 আগষ্টঃ আন্তৰ্জাতিক সীমান্তৰ ২০ কিলোমিটাৰ এলেকাত কোনেও গৰু বজাৰ গঢ়ি তুলিব নোৱাৰিব বুলি দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে নিৰ্দেশনা জাৰি কৰিছে যদিও এনে নিৰ্দেশ অমান্য কৰি কৰিমগঞ্জ জিলাৰ বহু ঠাইত সীমান্তৰ ৫-৬ কিলোমিটাৰ এলেকাত চলি আছে গৰুৰ অবৈধ বজাৰ । উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক অমান্য কৰি এনেদৰে গৰুৰ বজাৰ গঢ়ি তোলাৰ অভিযোগ বজৰং দলৰ । শাসকীয় দল বিজেপিয়েও স্বীকাৰ কৰিলে কৰিমগঞ্জত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা উলংঘা হোৱাৰ কথা । এই সন্দৰ্ভত কৰিমগঞ্জ প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে বজৰং দলৰ সদস্যই । জিলাখনত অনতি পলমে বজাৰ সমূহ বন্ধ নকৰিলে বৃহত্তৰ আন্দোলন গঢ়ি তোলাৰ লগতে কোনো অপ্ৰীতিকৰ পৰস্থিতিৰ সৃষ্টি হ'লে তাৰ বাবে কৰিমগঞ্জ জিলা প্ৰশাসন দায়ী হ'ব বুলিও উল্লেখ কৰে বজৰং দলৰ সদস্যই ।

আন্তৰ্জাতিক সীমান্তৰ ২০ কিলোমিটাৰ দুৰত্বত গৰুৰ বৃহৎ বজাৰ!

উল্লেখ্য যে, জিলাখনৰ সৰ্ববৃহৎ বজাৰখন সুতাৰকান্দি সীমান্তৰ চাৰি কিলোমিটাৰৰ ভিতৰতে চলি থকাৰো অভিযোগ তুলিছে স্থানীয় লোকসকলে । আনহাতে ভাৰত বাংলাদেশ সীমান্তৰ সুতাৰকান্দিৰ পৰা ফকিৰা বজাৰৰ এই গৰু বজাৰৰ দুৰত্ব মাথো চাৰি কিলোমিটাৰ । দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাক অৱমাননা কৰাৰ প্ৰশাসনক ধিক্কাৰ জনাই বজৰং দলে ।

ABOUT THE AUTHOR

...view details