কৰিমগঞ্জ, ২২আগষ্ট : কৰিমগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তত বিড়িৰ চোৰাং বেহা । ভাৰত-বাংলাদেশ সীমান্তৰ ফুলকান্দিত সীমা সুৰক্ষা বাহিনীয়ে অভিযান চলাই জব্দ কৰে ১৬৪পেকেট বিড়ি । বাংলাদেশলৈ সৰবৰাহ কৰাৰ বাবে অবৈধভাৱে মজুত কৰি ৰাখিছিল বিড়িখিনি ।
লগতে পঢ়কঃকৰিমগঞ্জ ভাৰত-বাংলাদেশ সীমান্তত সীমান্ত সুৰক্ষা বাহিনীৰ অভিযান
জব্দকৃত বিড়িখিনিৰ বজাৰ মূল্য ৭৫হাজাৰৰো অধিক টকা । ফুলকান্দিত গোপন সূত্ৰৰ ভিত্তিত ১৩৪নং সীমা সুৰক্ষা বাহিনীয়ে অভিযান চলাই ১৬৪পেকেট বিড়ি জব্দ কৰে । অৱশ্যে বিড়িৰ চোৰাং ব্যৱসায়ৰে জড়িত ব্যৱসায়ীকেইজন পলায়ন কৰিবলৈ সক্ষম হয় । জব্দকৃত বিড়িখিনি কৰিমগঞ্জ শুল্ক বিভাগৰ হাতত গতাই দিয়ে সীমা সুৰক্ষা বাহিনীয়ে ।