কৰিমগঞ্জ, 20 নৱেম্বৰ: যথাযোগ্য মর্যাদা আৰু বিভিন্ন মাংগলিক অনুষ্ঠানেৰে কৰিমগঞ্জৰ শিবেৰগুলত বৃহস্পতিবাৰে পালন কৰা হয় শ্ৰী শ্ৰী ভূবনেশ্বৰ সাধু ঠাকুৰৰ 151-তম আৱির্ভাব তিথি ৷ শিবেৰগুলস্থিত শ্ৰী শ্ৰী ভূৱনেশ্বৰ সাধু ঠাকুৰৰ সেৱাশ্ৰমত পালন কৰা এই বিশেষ দিৱসটিৰ আয়োজন আৰু পৰিচালন কৰে বিষ্ণুপুৰীয়া মণিপুৰী যুৱ জাগৰণ মঞ্চৰ কৰ্মকৰ্তা সকলে ৷ পুৱাই সেৱাশ্ৰমৰ প্ৰাংগনৰ পৰা উলিওৱা একা শোভাযাত্ৰাৰে আৰম্ভ হোৱা কাৰ্যসূচী নিশালৈ বিভিন্ন অনুষ্ঠানেৰ মাজেৰে অন্ত পৰে ৷
কৰিমগঞ্জত শ্ৰী শ্ৰী ভূৱনেশ্বৰ সাধু ঠাকুৰৰ জন্মজয়ন্তী উদযাপন - Bhubaneswar Thakur's 151 Birthday celebration
বিভিন্ন বাৰেৰহনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী ভূৱনেশ্বৰ সাধু ঠাকুৰৰ জন্মজয়ন্তী অনুষ্ঠানৰ সফল সামৰণি পৰে ৷ অনুষ্ঠানত অংশগ্ৰহণ কৰে অগনন ভক্তপ্ৰাণ ৰাইজে ৷
কৰিমগঞ্জত শ্ৰী শ্ৰী ভূবনেশ্বৰ সাধু ঠাকুৰৰ জন্মজয়ন্তী উদযাপন
দুপৰীয়া সেৱাশ্ৰমত আয়োজন কৰা ধর্মসভাত সাধু ঠাকুৰৰ জীৱনী আৰু সামাজিক কলাকৃষ্টি আৰু সংস্কৃতি সম্বন্ধত আলোচনা কৰা হয় ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে শ্ৰীমতি কৃষ্ণা সিনহা, কেন্দ্ৰীয় সংস্কৃত বিশ্ববিদ্যালয়ৰ সংস্কৃত ভাষা অধ্যাপিকা, অৱসৰ প্ৰাপ্ত শিক্ষক মহেন্দ্ৰ সিনহা, শিক্ষক তৰুণ সিনহা সহ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি ৷
লগতে পঢ়কঃনগাঁও জিলাৰ আমনিত ভয়ংকৰ পথ দুৰ্ঘটনা