কৰিমগঞ্জ,26 নৱেম্বৰ : সমগ্ৰ দেশৰ লগতে বৃহস্পতিবাৰে কৰিমগঞ্জতো ভাৰত বন্ধৰ ব্যাপক প্ৰভাৱ পৰিলক্ষিত হৈছে । কেন্দ্ৰীয় ট্ৰেড ইউনিয়নৰ আহ্বানত দেশজোৰা সাধাৰণ ধৰ্মঘটৰ সমৰ্থনেৰে চিটুৰ 24 ঘণ্টীয়া চকা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ কৰিমগঞ্জত পৰা দেখা গৈছে ৷
এই ধৰ্মঘটৰ ফলত দোকান-পোহাৰ, হাট-বজাৰ, যান-বাহন সকলো বন্ধ হৈ পৰে । অসমৰ পৰিবহন শ্ৰমিকৰ কল্যাণ আঁচনি ৰূপায়ন, সংশোধিত মটৰ ভেহিকল আইন বাতিল কৰা,মটৰ শ্ৰমিকক 7500 টকাকৈ সাহাৰ্য প্ৰদান কৰা,মূল্যবৃদ্ধি প্ৰতিৰোধ আদি 12 দফীয়া দাবীৰে চিটু আৰু শ্ৰমিক সংগঠনসমূহে এই বন্ধ কাৰ্যসূচী ৰূপায়ণ কৰে ।