কৰিমগঞ্জ, 23 জুলাইঃবুধবাৰে কৰিমগঞ্জৰ এগৰাকী বিজেপি সমৰ্থকৰ ঘৰত আক্ৰমণ কৰে কোনো দুষ্কৃতিকাৰীয়ে ৷ কংগ্ৰেছ সমৰ্থকে আক্ৰমণ কৰা বুলি পত্যক্ষ অভিযোগ আনে বিজেপিয়ে ৷
বিজেপি কৰ্মীৰ ঘৰত আক্ৰমণৰ খবৰ পায় ঘটনাস্থলীত বৃহস্পতিবাৰে উপস্থিত হয় কৰিমগঞ্জৰ সংসদ কৃপানাথ মাল্লা ৷ সাংসদ গৰাকীৰ লগত উপস্থিত থাকে বহু সংখ্যক সমৰ্থক ৷ সাংসদ গৰাকীয়ে ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ উচিত তদন্ত কৰাৰ লগতে দোষীৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি প্ৰকাশ কৰে ৷