অসম

assam

By

Published : Nov 20, 2021, 7:34 PM IST

ETV Bharat / state

BARMIS SUPARI : চূড়াইবাৰীত জব্দ বাৰ্মিজ চুপাৰি ভৰ্তি ট্ৰাক; আটক এজন

কৰিমগঞ্জ আৰক্ষীৰ জালত পৰিছে বাৰ্মিজ চুপাৰি ভৰ্তি ট্ৰাক ৷ জব্দ হৈছে 75 বস্তা চুপাৰি ৷ আটক ট্ৰাক চালক ৷

BARMIS SUPARI SEIZED
চূড়াইবাৰীত জব্দ বাৰ্মিজ চুপাৰি ভৰ্তি ট্ৰাক

কৰিমগঞ্জ, 20 নৱেম্বৰ : ৰাজ্যত অন্য প্ৰান্তৰ সমান্তৰালভাৱে বিশেষকৈ কৰিমগঞ্জত অব্যাহত আছে বাৰ্মিজ চুপাৰীৰ ছিণ্ডিকেট ৷ বিগত কিছুদিনৰ পৰা সঘনে কৰিমগঞ্জ আৰক্ষীয়ে কৰিমগঞ্জৰ বিভিন্ন প্ৰান্তৰ পৰা জব্দ কৰিবলৈ সক্ষম হৈছে বাৰ্মিজ চুপাৰী ৷ পুনৰবাৰ কৰিমগঞ্জ আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে কেইবালাখ টকাৰ বাৰ্মিজ চুপাৰী ভৰ্তি এখন ট্ৰাক ৷

এইবাৰ চুপাৰী ব্যৱসায়ীয়ে সলাইছে নিজৰ পন্থা ৷ ট্ৰাকত সেনাৰ অন ডিউটি(ON ARMY DUTY) ফলক লগাই চুপাৰী সৰবৰাহৰ চেষ্টা চুপাৰী ব্যৱসায়ীৰ ৷ জানিব পৰা মতে, কৰিগঞ্জৰ অসম ত্ৰিপুৰা সীমান্তৰ চূড়াইবাৰীত শনিবাৰে দিনৰ প্ৰায় 11 বজাত সেনাৰ অন ডিউটি (ON ARMY DUTY) ফলক লগোৱা এখন ট্ৰাকৰ পৰা জব্দ কৰে 75 বস্তা চুপাৰি ভৰ্তি ট্ৰাক ৷

প্ৰাপ্ত তথ্য অনুসৰি, ত্ৰিপুৰাৰ ধৰ্ম নগৰৰ পৰা গুৱাহাটী অভিমুখে লৈ যোৱা হৈছিল চুপাৰিখিনি । চুপাৰিখিনিৰ লগতে ট্ৰাকখনৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে ঘৰৰ বিভিন্ন সা-সামগ্ৰীও । ইতিমধ্যে আটক কৰা হৈছে চালক মনিষ কুমাৰ নামৰ ব্যক্তিজনক ।

চূড়াইবাৰীত জব্দ বাৰ্মিজ চুপাৰি ভৰ্তি ট্ৰাক

কৰিমগঞ্জ আৰক্ষীয়ে সদৰি কৰা অনুসৰি, আটকাধীন চালকজনৰ ঘৰ ঘৰ বিহাৰত ৷ কিন্তু কৰ্মসূত্ৰে থাকে কলিকতাৰ এটা ভাড়া ঘৰত ৷ আৰক্ষীয়ে জব্দ কৰা গাড়ীখনৰ নম্বৰ হৈছে BR01 GH 8519 । আৰক্ষীয়ে জনোৱা মতে, জব্দকৃতচুপাৰীখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় প্ৰায় 25 লাখ টকা ৷

উল্লেখ্য যে, বৰ্তমানো কৰিমগঞ্জ আৰক্ষীয়ে আটকাধীন চালকজনক শোধপোচ অব্যাহত ৰাখিছে । ইতিমধ্যে এই সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্তও ৷

লগতে পঢ়ক :ধুবুৰীত জলপথেৰে সৰৱৰাহ চোৰাং চাউল

ABOUT THE AUTHOR

...view details