কৰিমগঞ্জ, ১০ জুন :ক'ভিড(covid)পৰিস্থিতিৰ মাজতে গৰাখহনীয়াৰ কৱলত পৰিছে ৰাজ্যৰ বিভিন্ন জিলা । কৰিমগঞ্জ জিলাৰ শ্ৰীগৌৰীত বৰাক নৈৰ গৰাখহনীয়াৰ কবলত পৰিছে ৬ নং ৰাষ্ট্ৰীয় ঘাইপথটো । ইয়াৰ পিছতে শংকিত হৈ পৰিছে স্থানীয় লোকসকল । বৃহস্পতিবাৰে সেই স্থান পৰিদৰ্শন কৰে কৰিমগঞ্জৰ সাংসদ কৃপানাথ মাল্লাহ আৰু জিলা পৰিষদৰ সভাপতি আশিস নাথে ।
গৰাখহনীয়াৰ কৱলত অসম-ত্ৰিপুৰা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ - Karimganj District erosion
গৰাখহনীয়াৰ কৱলত কৰিমগঞ্জৰ শ্ৰীগৌৰীৰ ৬ নং ৰাষ্ট্ৰীয় ঘাইপথ । বৃহস্পতিবাৰে সেই স্থান পৰিদৰ্শন কৰে কৰিমগঞ্জৰ সাংসদ কৃপানাথ মাল্লাহ আৰু জিলা পৰিষদৰ সভাপতি আশিস নাথে ।
গৰাখহনীয়াৰ কৱলত অসম ত্ৰিপুৰা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ
বাৰিষা আৰম্ভ হোৱাৰ লগে লগে অসম-ত্ৰিপুৰা সংযোগী একমাত্ৰ ৰাষ্ট্ৰীয় ঘাইপথটো এতিয়া অতি বিপদজনক অৱস্থাত আছে । সাংসদগৰাকীয়ে সেই স্থান পৰিদৰ্শন কৰি গৰাখহনীয়া ৰোধৰ বাবে মন্ত্ৰী পীযুষ হাজৰিকাৰ সৈতে আলোচনা কৰি ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে ।
লগতে পঢ়ক:ধাৰষাৰ বৰষুণৰ ফলত 54 নং ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলন