অসম

assam

ETV Bharat / state

ভাৰত-বাংলা সীমান্তত চুৰি গৰুসহ আটক বাংলাদেশী চোৰ - Maulavi Bazar

ভাৰত-বাংলা সীমান্তত অব্যাহত গৰু চোৰৰ উপদ্ৰৱ ৷ ত্ৰিপুৰাৰ ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা সীমান্ত আৰক্ষীয়ে দুটাকৈ গৰুৰ সৈতে আটক কৰিছে বাংলাদেশী চোৰ ৷

ভাৰত-বাংলা সীমান্তত চুৰি গৰুসহ আটক বাংলাদেশী চোৰ

By

Published : Aug 8, 2019, 5:49 PM IST

কৰিমগঞ্জ, 8 আগষ্টঃ ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তত বিশেষকৈ অসম ছেক্টৰত বিগত কিছুমাহ ধৰি গৰু চুৰিৰ চোৰাং সৰবৰাহ আৰু সৰবৰাহকাৰী সক্ৰিয় হৈ থকাৰ সময়তে বৃহস্পতিবাৰে অসম ত্ৰিপুৰা সীমান্তবৰ্তী ত্ৰিপুৰাৰ আন্তৰ্জাতিক সীমান্তৰ পৰা সীমান্ত আৰক্ষী ( বি এচ এফ) এ এটা বাংলাদেশী চোৰক আটক কৰিছে ৷ ত্ৰিপুৰাৰ তাৰকপুৰ এলেকাৰ পৰা সীমান্ত আৰক্ষীয়ে দুটাকৈ গৰুৰ সৈতে আটক কৰিবলৈ সক্ষম হৈছে চোৰটোক ৷ আটক হোৱা বাংলাদেশী চোৰটোৰ নাম ছেলিম উদ্দিন বুলি জানিব পৰা গৈছে । ছেলিমৰ ঘৰ বাংলাদেশৰ মৌলবী বজাৰ এলেকাৰ কুলাউড়া গাঁওত । সীমান্ত আৰক্ষীৰ 166 নং বেটেলিয়ানে ছেলিমৰ পৰা দুটা মোবাইল ফোন আৰু নগদ 2250 বাংলাদেশী টকাও জব্দ কৰিছে । ত্ৰিপুৰাৰ তাৰকপুৰ ছেক্টৰৰ আন্তৰ্জাতিক সীমান্তৰে ভাৰতত প্ৰৱেশ কৰি গৰু লৈ পলায়ন কৰাৰ সময়তেই সীমান্ত আৰক্ষীয়ে ছেলিমক আটক কৰি কদমতলা আৰক্ষী থানাত গতাই দিয়ে । উল্লেখযোগ্য যে অসমৰ সমান্তৰালকৈ ত্ৰিপুৰাৰ ভাৰত-বাংলাদেশ আন্তৰ্জাতিক সীমান্তত বাংলাদেশী চোৰৰ দপ্দপনি অব্যাহত আছে ।

ভাৰত-বাংলা সীমান্তত চুৰি গৰুসহ আটক বাংলাদেশী চোৰ

ABOUT THE AUTHOR

...view details