অসম

assam

ETV Bharat / state

মৃত্যুৰ ৪১ দিনৰ অন্তত কৰিমগঞ্জত কবৰস্থ কৰা হ'ল এজন বাংলাদেশীক - আৰ্থিক অনাটন

অসমৰ সীমান্ত জিলা কৰিমগঞ্জৰে অবৈধ অনুপ্ৰৱেশ কৰি আটক হোৱা এজন বাংলাদেশীক অসুস্থতাৰ বাবে ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত । চিকিৎসাৰত অৱস্থাতে মৃত্যু হোৱা লোকজনক বাংলাদেশক গটাবৰ বাবে ব্যৱস্থা কৰা হৈছিল যদিও পৰিয়ালৰ লোকে ঘূৰাই নিবলৈ কৰিলে অস্বীকাৰ । অৱশেষত কৰিমগঞ্জ জিলা প্ৰশাসনে ইছলাম ধৰ্মীয় নিয়মেৰে ৪১দিন ধৰি শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ মৰ্গত ৰখা ছয়েদ আলিৰ শৱদেহটোৰ কবৰস্থ কৰে ।

bangladeshis-body-cremation-in-karimganj
মৃত্যুৰ ৪১ দিনৰ অন্তত কৰিমগঞ্জত কবৰস্থ কৰা হ'ল এজন বাংলাদেশীক

By

Published : Jul 15, 2020, 2:00 PM IST

কৰিমগঞ্জ,১৫ জুলাই: যোৱা ফেব্ৰুৱাৰী মাহতে অসমৰ সীমান্ত জিলা কৰিমগঞ্জত অবৈধ অনুপ্ৰৱেশ কৰিছিল বাংলাদেশৰ ছয়েদ আলি নামৰ এজন ব্যক্তিয়ে । পাছত অবৈধ অনুপ্ৰৱেশকাৰী ছয়েদ আলিক আৰক্ষীয়ে আটক কৰি প্ৰেৰণ কৰিছিল কাৰাগাৰলৈ । কাৰাগাৰতে অসুস্থ হৈ পৰা এই বাংলাদেশী ব্যক্তিজনক চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হয় শিলচৰ চিকিৎসা মহাবিদ্যালয়ত । অৱশ্যে চিকিৎসা কৰি থকা অৱস্থাতে মৃত্যুক আকোৱালি ললে ছয়েদ আলিয়ে । মৃত্যুৰ পাছত ভাৰত চৰকাৰে বাংলাদেশ হাই কমিশ্ব্যনৰ লগত যোগাযোগ কৰি বাংলাদেশলৈ মৃতদেহ প্ৰেৰণৰ ব্যৱস্থা কৰে । কিন্তু মৃত ব্যক্তিজনৰ পৰিয়ালে আৰ্থিক অনাটনৰ বাবে শৱদেহ বাংলাদেশলৈ ঘূৰাই নিনিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰি বাংলাদেশ হাই কমিশ্ব্যনৰ জড়িয়তে এখন শপতনামা প্ৰেৰণ কৰে ।

মৃত্যুৰ ৪১ দিনৰ অন্তত কৰিমগঞ্জত কবৰস্থ কৰা হ'ল এজন বাংলাদেশীক

বাংলাদেশ হাই কমিশ্ব্যনৰ পৰা এই শপতনামা পোৱাৰ পাছতহে কৰিমগঞ্জ জিলা প্ৰশাসনে ইছলাম ধৰ্মীয় নিয়মেৰে ৪১দিন ধৰি শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ মৰ্গত ৰখা ছয়েদ আলিৰ শৱদেহটোৰ কবৰস্থ কৰে ।

মৃত্যুৰ ৪১ দিনৰ অন্তত কৰিমগঞ্জত কবৰস্থ কৰা হ'ল এজন বাংলাদেশীক

ABOUT THE AUTHOR

...view details