কৰিমগঞ্জ, 30 অক্টোবৰ :মাটিৰ খাজানা দিয়ে অসমীয়াই আৰু খেতি কৰে বাংলাদেশীয়ে । শুনিবলৈ আচৰিত লাগিলেও এয়াই সঁচা । ঘটনা কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি সমষ্টিৰ ভাৰত বাংলাদেশ সীমান্তৰ । স্থানীয় ৰাইজ আৰু দল সংগঠনৰ প্ৰবল প্ৰতিবাদৰ পাছতো 2014 চনত লাটিটিলা ডুমাবাড়িত বহু মাটি বাংলাদেশক গতাই দিয়া হৈছিল ৷ সেই মাটিৰ খাজনা আজিলৈকে অসমৰ লোকে দি গ’লেও মাটি ভোগ কৰি আছে বাংলাদেশৰ নাগৰিকে ৷
ঘটনা অনুসৰি, 2001-2002 চনৰ পৰা কেন্দ্ৰীয় চৰকাৰে কটা তাঁৰৰ বেৰ বহুৱাৰ কাম আৰম্ভ কৰে ৷ সেই সময়ত সীমান্তত থকা পাথাৰকান্দিৰ লাটিটিলা, ডুমাবাৰীৰ লগতে বহু কেইটা এলেকাত পট্টা ভূমিৰ যি সকল গৰাকী আছে তেওঁলোকে আপত্তি জনায় । পট্টা ভূমিৰ ক্ষতিপূৰণ নিদিয়াকৈ ফেঞ্চিঙৰ কাম নকৰাৰ বাবে আহ্বান জনায় লোকসকলে । সেই অনুসৰি, তেওঁলোকৰ ক্ষতিপূৰণ দিয়াৰ পাছতে ফেঞ্চিঙৰ কাম হ’ব বুলি কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা আশ্বাস দিয়া হয় ।
কিন্তু ইয়াৰ পিছতো তেওঁলোকৰ দাবী পুৰণ নকৰাকৈ কটা তাঁৰৰ বেৰ বহুৱাই দিয়া হয় । ইয়াৰ কিছুদিন পাছতেই কেন্দ্ৰীয় চৰকাৰে এই অঞ্চলৰ ভালেমান ভূমি বাংলাদেশক গতাই দিয়াৰ ব্যৱস্থা আৰম্ভ কৰিলে ৷