অসম

assam

ETV Bharat / state

কিন্নৰৰ বেশত ভাৰতত প্ৰৱেশ বাংলাদেশী নাগৰিকৰ

আৰক্ষীৰ হাতত ধৰা পৰা অবৈধ বিদেশী নাগৰিকৰ ভাৰতৰ মাটিত প্ৰৱেশৰ মূল দ্বাৰ আছিল ত্ৰিপুৰাৰ ভাৰত-বাংলাদেশ আন্তৰ্জাতিক সীমান্ত । প্ৰশ্ন হয়, কিমান সুৰক্ষিত ভাৰত- বাংলাদেশৰ আন্তৰ্জাতিক সীমান্ত ?

কিন্নৰৰ ভেশত ভাৰতত প্ৰৱেশ বাংলাদেশী নাগৰিকৰ
কিন্নৰৰ ভেশত ভাৰতত প্ৰৱেশ বাংলাদেশী নাগৰিকৰ

By

Published : Jun 24, 2021, 12:10 PM IST

কৰিমগঞ্জ, 24 জুন: ত্ৰিপুৰাৰ ভাৰত-বাংলাদেশ সীমান্ত এতিয়া দেশৰ সুৰক্ষাৰ বাবে হৈ পৰিছে চৰম ভাবুকি । বিগত সময়ছোৱাত ত্ৰিপুৰাৰ আন্তৰ্জাতিক সীমান্ত অতিক্ৰম কৰি অসমত প্ৰৱেশৰ মুহুৰ্তত আৰক্ষীৰ হাতত ধৰা পৰিছিল বহু বাংলাদেশী আৰু নাইজেৰিয়ান নাগৰিককে ধৰি অবৈধ ৰোহিংগীয়া নাগৰিক । আৰক্ষীৰ হাতত ধৰা পৰা অবৈধ বিদেশী নাগৰিকৰ ভাৰতৰ মাটিত প্ৰৱেশৰ প্ৰবেশদ্বাৰ আছিল ত্ৰিপুৰাৰ ভাৰত-বাংলাদেশ আন্তৰ্জাতিক সীমান্ত ।

আনকি ধৃত বহুতে একেমুখে স্বীকাৰ কৰিছিল যে, দালালক পাঁচশ টকা দিলেই এওলোকে বাংলাদেশৰ পৰা ভাৰতলৈ যি কোনো লোকক প্ৰেৰণ কৰিব পাৰে । এতিয়াও সেই ধাৰা অব্যাহত আছে । এইবাৰ ভিন্ন বেশ ধাৰণ কৰি বাংলাদেশৰ পৰা অবৈধভাৱে ভাৰতত প্ৰৱেশৰ পাচতে ৰাইজৰ হাতত ধৰা পৰিছে দুই অবৈধ বাংলাদেশী নাগৰিক । ঘটনা ত্ৰিপুৰাৰ ৰাজধানী চহৰ আগৰতলাৰ নিলগত থকা আমতলী এলেকাৰ ।

কিন্নৰৰ ভেশত ভাৰতত প্ৰৱেশ বাংলাদেশী নাগৰিকৰ

সেই এলেকাত কিন্নৰ দুজনক ঘুৰি ফুৰা দেখি স্থানীয় ৰাইজৰ সন্দেহ ওপজে । সন্দেহ হোৱাত স্থানীয় ৰাইজে কৰায়ত্ব কৰাৰ পাচতে উলাই পৰে আচল ৰহস্য । মূলত তেওঁলোক নাছিল কিন্নৰ । কিন্নৰৰ নকল বেশ ধাৰণ কৰি দুই যুৱক প্ৰৱেশ কৰিছিল ভাৰতৰ মাটিত । আনকি তেওঁলোকৰ পৰা উদ্ধাৰ হৈছে ভুৱা আধাৰ কাৰ্ড । পৰৱৰ্তী সময়ত দুই অবৈধ বাংলাদেশী নাগৰিকক স্থানীয় ৰাইজ আটক কৰি আৰক্ষীৰ হাতত গতাই দিয়ে ।

সম্প্ৰতি আটাইতকৈ ডাঙৰ প্ৰশ্নটো হৈছে, কিমান সুৰক্ষিত ভাৰত- বাংলাদেশৰ আন্তৰ্জাতিক সীমান্ত । সাধাৰণ অবৈধ লোক যদি অনায়াসে ভাৰতত প্ৰৱেশ কৰিব পাৰে, তেন্তে কুটাঘাতকাৰী প্ৰৱেশ কৰাটো আগৰতলাৰ ভাৰত বাংলাদেশ সীমান্তৰে প্ৰৱেশ কৰাটো কিমান সহজ হ’ব পাৰে তাক লৈও প্ৰশ্নৰ অৱতাৰণা হৈছে ৷

যি সময়ত চৰকাৰে ভাৰত-বাংলাদেশৰ সীমান্ত ছীল কৰাৰ কথা কৈ অহাৰ লগতে অবৈধ নাগৰিক ভাৰতত ভূমিত প্ৰৱেশ কৰিব নোৱাৰে বুলি দাবী কৰি আহিছে তেনে সময়ত চৰকাৰে দাবী কৰাৰ পাচতো কি দৰে ভাৰতৰ ভূমিত অবৈধ নাগৰিক প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে, তাক লৈও এতিয়া সম্প্ৰতি প্ৰশ্নৰ অৱতাৰণা কৰিছে সচেতন নাগৰিকে ৷


লগতে পঢ়কঃ ৰঙিয়াত বিদ্যুৎ চুৰি ৰোধ কৰিবলৈ বিদ্যুৎ বিভাগে গ্ৰহণ কৰিছে কঠোৰ পদক্ষেপ

ABOUT THE AUTHOR

...view details