অসম

assam

অসমলৈ গোপন সুৰংগ পথেৰে আহে বাংলাদেশী !

By

Published : Jan 1, 2021, 1:37 PM IST

Updated : Jan 1, 2021, 3:58 PM IST

বি এছ এফৰ চোকা পহৰাৰ মাজতো ভাৰতলৈ আহে বাংলাদেশী নাগৰিক ৷ ইটিভি ভাৰতৰ কেমেৰাত আবদ্ধ হৈছে গোপন সুৰংগ পথ ৷ কাইটীয়া তাঁৰৰ বেৰৰ তলেদি সুৰংগৰে পাৰ হয় বাংলাদেশী ৷

অসমলৈ গোপন সুৰংগ পথেৰে আহে বাংলাদেশী
ভাৰত-বাংলা সীমান্তত গোপন সুৰংগ পথেৰে আহে বাংলাদেশী

কৰিমগঞ্জ, 1 জানুৱাৰী :ইটিভি ভাৰতৰ সাংবাদিকৰ অনুসন্ধানত পোহৰলৈ আহিছে এক ভয়ংকৰ দৃশ্য ৷ কৰিমগঞ্জৰ ভাৰত-বাংলা আন্তঃৰাষ্ট্ৰীয় সীমান্তইদি ভাৰতলৈ নিৰ্বিঘ্নে অহা-যোৱা চলে বাংলাদেশী নাগৰিকৰ ৷ কেৱল বাতৰিৰ বাবে বাতৰি নহয়, ইটিভি ভাৰতৰ কেমেৰাত আবদ্ধ হৈছে গোপন সুৰংগ পথ ৷ ভাৰত বাংলাদেশৰ সীমান্তৰ কাইটীয়া তাঁৰৰ বেৰৰ তলেদি পাৰ হয় বাংলাদেশী ৷ বি এছ এফৰ চোকা পহৰাৰ মাজতো ভাৰতলৈ আহে বাংলাদেশী নাগৰিক ৷

অসমলৈ গোপন সুৰংগ পথেৰে আহে বাংলাদেশী

কৰিমগঞ্জৰ কোকাইঝাৰৰ অঞ্চলত থকা এক সুৰংগ পথেৰে পাৰ হয় বাংলাদেশী ৷ স্বয়ং আৰক্ষীৰ অভিযানত ধৰা পৰিছে এনে ভয়াবহ দৃশ্য ৷ কৰিমগঞ্জৰ ভাৰত-বাংলা সীমান্তৰ কাইটীয়া তাঁৰৰ বেৰৰ তলেদি নিৰ্মাণ কৰা সুৰংগ পথেদি ভাৰতত প্ৰতিদিনে প্ৰৱেশ কৰি আহিছে বাংলাদেশী নাগৰিকে ৷ অপহৰণজনিত এক ঘটনাৰ ক্ষেত্ৰভিত্তিক তদন্ত কৰিবলৈ গৈ কৰিমগঞ্জ আৰক্ষীয়ে লাভ কৰে গোপন সুৰংগটোৰ তথ্য ৷ কিন্তু বৰ্তমানেও আৰক্ষী নিমাত এই সম্পৰ্কত ৷

অপহৰণ সম্পৰ্কীয় এক গোচৰৰ তদন্ত কৰিবলৈ কৰিমগঞ্জ আৰক্ষী উপস্থিত হৈছিল সীমান্তৰ এই অঞ্চলত ৷ 27 ডিচেম্বৰত দলগাঁৱৰ এলিম উদ্দিন আৰু দিলুয়াৰ হুছেইন নামৰ ভাৰতৰ দুজন লোকক বাংলাদেশৰ দুৰ্বৃত্তৰ দলে অপহৰণ কৰি নি বন্দী কৰি ৰাখিছিল ৷ আৰক্ষীৰ তদন্তৰ মাজতে দুয়োগৰাকী ব্যক্তিয়ে ৰহস্যজনকভাৱে বাংলাদেশৰ পৰা আহি ভিন ভিন তাৰিখত ভাৰতত প্ৰৱেশ কৰে ৷ দুয়োগৰাকী ব্যক্তিক আৰক্ষীয়ে সোধপোছ চলোৱাৰ পিচতে ভাৰত-বাংলাদেশ সীমান্তলৈ লৈ যায় দুয়োকে ৷ ইয়াৰ পিচতে পোহৰলৈ আহে বি এছ এফে গিজগিজাই থকা অঞ্চলটোত থকা এই গোপন সুৰংগটোৰ কথা ৷

এতিয়া প্ৰশ্নৰ উদয় হৈছে যে, বি এছ এফ থকাৰ পিচতো কেনেকৈ সুৰংগ পথেৰে পাৰ হয় বাংলাদেশী ? কাইটীয়া তাঁৰৰ বেৰৰ তলত কোনে নিৰ্মাণ কৰিলে গোপন সুৰংগ পথ ? বি এছ এফৰ জ্ঞাতসাৰে চলি আছে নেকি বাংলাদেশীৰ অবৈধ আহ-যাহ ?

পিচে এই প্ৰশ্নৰ উত্তৰ দিব কোনে ? উদক ভেটা ৰখীয়া পতাৰ দৰে গোপন সুৰংগৰে অসমত বাংলাদেশীৰ অবৈধ আহ-যাহ চলি থকাৰ পিচত মুখা খোল খাইছে সীমান্ত ৰক্ষাৰ দায়িত্বত থকা বি এছ এফৰ ৷

লগতে পঢ়ক :আজিৰে পৰা পুনৰ কাৰ্যক্ষম হ’ল শিলঘাটস্থিত অসম সমবায় মৰাপাট কল

Last Updated : Jan 1, 2021, 3:58 PM IST

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details