ত্ৰিপুৰা, 8 এপ্ৰিলঃ কৰ'ণা ভাইৰাছৰ ভয়াবহ প্ৰাদুৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে ছীল কৰা হৈছে বাংলাদেশ সীমান্ত । এই আন্তৰ্জাতিক সীমান্তত মানুহ আৰু যান-বাহনৰ চলাচলটো নিষেধাজ্ঞা আৰোপ কৰিছে কেন্দ্ৰই। আন্তৰ্জাতিক সীমান্তৰে সকলো ধৰণৰ যোগাযোগ ব্যৱস্থা বন্ধ কৰি দিয়া হৈছে । কিন্তু ইয়াৰ মাজতে ত্ৰিপুৰাত সংঘটিত হৈছে এক আচৰিত ঘটনা । জানিব পৰা মতে, ত্ৰিপুৰাৰ এগৰাকী লোকে ভাৰত-বাংলাদেশ সীমান্তৰ তাঁৰৰ বেৰ কাটি বাংলাদেশত প্ৰৱেশ কৰি দ্বিতীয় পত্নীক ভাৰতলৈ লৈ আহে ।
প্ৰেমঃ সীমান্তৰ কাটা তাঁৰ কাটি বাংলাদেশৰ পৰা ত্ৰিপুৰা পোৱালেহি দ্বিতীয় পত্নীক - লক ডাউনৰ মাজতো সীমান্তৰ তাৰ কাটি বাংলাদেশী মহিলাক
আৰক্ষীয়ে আটক কৰা লোকজন কৈলাশহৰ মহকুমাৰ ইৰানি থানাৰ অন্তৰ্গত ডেফাছড়া গাঁৱৰ আব্দুল হাছিব বুলি জানিব পৰা গৈছে । হাছিবৰ ঘৰৰ পৰা আটক হোৱা বাংলাদেশী মহিলাগৰাকীক হাছিবে তেওঁৰ দ্বিতীয় পত্নী হিচাপে পৰিচয় দিছে । আটকাধীন বাংলাদেশী মহিলাগৰাকীৰ নাম ছাবিনা বেগম ।
কিছুদিন আত্মগোপন কৰি থকাৰ পিছতে ত্ৰিপুৰা আৰক্ষীৰ জালত পৰে ব্যক্তিজনৰ লগতে তেওঁক বাংলাদেশী পত্নীগৰাকী । আৰক্ষীয়ে আটক কৰা লোকজন কৈলাশহৰ মহকুমাৰ ইৰানি থানাৰ অন্তৰ্গত ডেফাছড়া গাঁৱৰ আব্দুল হাছিব বুলি জানিব পৰা গৈছে । হাছিবৰ ঘৰৰ পৰা আটক হোৱা বাংলাদেশী মহিলাগৰাকীক হাছিবে তেওঁৰ দ্বিতীয় পত্নী হিচাপে পৰিচয় দিছে । আটকাধীন বাংলাদেশী মহিলাগৰাকীৰ নাম ছাবিনা বেগম ।
আৰক্ষীৰ জেৰাত ইতিমধ্যে দুয়োজনে সীমান্তৰ তাঁৰ কাটি ভাৰতত প্ৰবেশ কৰা বুলি স্বীকাৰ কৰিছে । দুয়োজনকে কৈলাশহৰ আদালতত হাজিৰ কৰোৱা হৈছে । আনহাতে, এই ঘটনাৰ পাছতে সীমান্ত সুৰক্ষাৰ পঁয়ালগা স্বৰূপটোও পোহৰলৈ আহিছে ।