অসম

assam

ETV Bharat / state

কিদৰে ভাৰতত বিলাসী জীৱন বাংলাদেশীৰ ?

পাথাৰকান্দি আৰক্ষী থানাৰ অন্তৰ্গত পূৰ্বগোল গাঁৱৰ আইন উদ্দিনৰ ঘৰত আশ্ৰয় লৈছিল আৰু আইন উদ্দিনক পিতা হিচাপে দেখুৱাই অবৈধভাৱে আদায় কৰিছিল ভাৰতৰ জন্মৰ প্ৰমাণ পত্ৰ, জিপি চাৰ্টিফিকেট সহ বিভিন্ন নথি পত্ৰ ।

By

Published : Jun 11, 2019, 11:50 PM IST

ভাৰতত বসবাস বাংলাদেশী নাগৰীকৰ

কৰিমগঞ্জ,11 জুন: বাংলাদেশী নাগৰিকে অবৈধভাৱে ভাৰতত প্ৰবেশ কৰি NRCত নাম অন্তৰ্ভুক্ত কৰিবলৈ প্ৰয়াস অব্যাহত ৰাখিছে । এই ভয়াৱহ তথ্য পোহৰলৈ আহিছে কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি আৰক্ষী থানাৰ অন্তৰ্গত পূৰ্বগোল গাঁৱত । ঘটনাৰ বিৱৰণ মতে যোৱা বহু বছৰ পূৰ্বে তেওঁ ৰহস্যজনকভাৱে ভাৰতত প্ৰৱেশ কৰিছিল মাছুদ আহমেদ নামৰ এজন যুৱকে । পাথাৰকান্দি আৰক্ষী থানাৰ অন্তৰ্গত পূৰ্বগোল গাঁৱৰ আইন উদ্দিনৰ ঘৰত আশ্ৰয় লৈছিল আৰু আইন উদ্দিনক পিতা হিচাপে দেখুৱাই অবৈধভাৱে আদায় কৰিছিল ভাৰতৰ জন্মৰ প্ৰমাণ পত্ৰ, জিপি চাৰ্টিফিকেট সহ বিভিন্ন নথি পত্ৰ । বাংলাদেশৰ চট্টগ্ৰাম জিলা বাহ্মাণশাষন থানা নৰসিংনগৰ গাঁও ফাদিহাৰকান্দি অঞ্চলৰ পিতা খুৰশীদ আহমেদৰ পুত্ৰ কোনো ৰহস্যজনক কাৰণত অসমত বাহৰ পাতিছিল ইয়াক লৈ যথেষ্ট সন্দেহ প্ৰকাশ কৰিছে কেন্দ্ৰীয় আৰু অসম আৰক্ষীৰ বিষয়াসকলে । বাংলাদেশৰ পৰা ভাৰতলৈ আহি বিলাসী জীৱন অতিবাহিত কৰা এই যুৱকৰ পৰা তদন্তকাৰী দলে এখন AS 10 5345 মাৰুতি ভেন গাড়ী জব্দ কৰিবলৈ সক্ষম হৈছে ।

ভাৰতত বসবাস বাংলাদেশী নাগৰীকৰ

লগতে পঢ়ক: অভি-নীল হত্যাকাণ্ড, কি কয় বিজন মহাজনে?

মাছুদ আহমেদে বান্দৰকোনা গাঁৱৰ এগৰাকী ছোৱালীক বিবাহ কৰাৰ উদেশ্যৰে মোবাইল ফোনত ছোৱালীজনীৰ অশ্লীল ছবি আপলোড কৰিছিল আৰু ছোৱালীজনীৰ পৰিয়ালৰ লোক আৰক্ষীৰ কাষ চপাত সমগ্ৰ ঘটনা পোহৰলৈ আহে ৷ এতিয়া প্ৰশ্ন হয় অবৈধ বাংলাদেশী নাগৰিকে কিদৰে এনেকৈ ভাৰতত প্ৰৱেশ কৰি বিলাস জীৱন যাপন কৰিবলৈ সক্ষম হ’ল ? এইক্ষেত্ৰত প্ৰশাসন তথা সীমান্ত আৰক্ষীৰ পৰৱৰ্তী ভূমিকা কি হ’ব সেয়াহে হ’ব লক্ষণীয় ৷

ABOUT THE AUTHOR

...view details