কৰিমগঞ্জ,4আগষ্টঃ ত্ৰিপুৰা আৰক্ষী আৰু সীমা সুৰক্ষা বাহিনীৰ যুটীয়া অভিযানত বাংলাদেশী আৰু ভাৰতীয় 7 লাখ টকা উদ্ধাৰ ৷ ঘটনা অনুসৰি এক গোপন সূত্ৰৰ পমখেদি TR-08-0709 নম্বৰ এখন মাৰুতি গাড়ীৰ পৰা বি এছ এফ আৰু বাগমা আৰক্ষী থানাৰ আৰক্ষীয়ে জব্দ কৰে টকাখিনি ৷ উক্ত গাড়ীখনৰ জৰিয়তে ভাৰত-বাংলা সীমান্তৱৰ্তী চাবৰোম মনুঘাটৰ পৰা আগৰতলালৈ নি আছিল টকাখিনি ৷
ভাৰতীয় আৰু বাংলাদেশীয় টকাসহ দুজনক আটক - বাংলাদেশী আৰু ভাৰতীয় 7 লাখ টকা উদ্ধাৰ
ভাৰত-বাংলা সীমান্তত TR-08-0709 নম্বৰ এখন মাৰুতি গাড়ীৰে উজ্জল মল্ল আৰু প্ৰবীৰ চৰকাৰ নামৰ দুগৰাকী লোক বাংলাদেশী আৰু ভাৰতীয় টকা সৰবৰাহ কৰি থকাৰ সময়তে আৰক্ষী আৰু বি এছ এফৰ অভিযানত আটক ৷
![ভাৰতীয় আৰু বাংলাদেশীয় টকাসহ দুজনক আটক bangladeshi-and-indian-currency-resque-police-and-bsf](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8295251-623-8295251-1596556858628.jpg)
ত্ৰিপুৰা আৰক্ষী আৰু বি এছ এফৰ যুটীয়া অভিযানত ভাৰতীয় আৰু বাংলাদেশীয় টকাসহ দুজন আটক
ত্ৰিপুৰা আৰক্ষী আৰু বি এছ এফৰ যুটীয়া অভিযানত ভাৰতীয় আৰু বাংলাদেশীয় টকাসহ দুজন আটক
ইপিনে টকাখিনিৰ সৈতে উজ্জল মল্ল আৰু প্ৰবীৰ চৰকাৰ নামৰ দুগৰাকীক আটক কৰে আৰক্ষীয়ে ৷ ব্যক্তি দুজনৰ পৰা বাংলাদেশৰ 5 লাখ 75 হাজাৰ 500 টকা আৰু ভাৰতীয় 19 হাজাৰ 750 টকা আৰক্ষী আৰু বি এছ এফে উদ্ধাৰ কৰে ৷ সম্প্ৰতি আটকাধীন দুয়োগৰাকীক আৰক্ষী আৰু বি এছ এফে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়কঃ নগাঁৱত দুৰ্ঘটনাত পতিত চোৰাং কাঠভৰ্তি ট্ৰাক