অসম

assam

ধৰ্মৰক্ষাৰ বাবে অস্ত্ৰ তুলি ল'বলৈ আহ্বান বজৰঙৰ

By

Published : Feb 15, 2021, 12:31 PM IST

পাকিস্তানৰ ইছলামিক সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদে সংঘটিত কৰা পুলৱামা কাণ্ডই দেওবাৰে অতিক্ৰম কৰিলে দুটা বছৰ । ইছলামিক সন্ত্ৰাসবাদীৰ ভয়াৱহ আক্ৰমণত শ্বহীদ হোৱা বীৰ জোৱানসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সমগ্ৰ দেশবাসীয়ে ৷

ধৰ্ম ৰক্ষাৰ বাবে হাতত অস্ত্ৰ তুলি ল'বলৈ আহ্বান বজৰং দলৰ
ধৰ্ম ৰক্ষাৰ বাবে হাতত অস্ত্ৰ তুলি ল'বলৈ আহ্বান বজৰং দলৰ

কৰিমগঞ্জ,15 ফেব্ৰুৱাৰী: জম্মু-শ্ৰীনগৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ পুলৱামাত 2019 চনৰ 14 ফেব্ৰুৱাৰীৰ দিনটোতে পাকিস্তানৰ ইছলামিক সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদে সংঘটিত কৰা পুলৱামা কাণ্ডই দেওবাৰে অতিক্ৰম কৰিলে দুটা বছৰ । ইছলামিক সন্ত্ৰাসবাদীৰ ভয়াৱহ আক্ৰমণত শ্বহীদ হোৱা বীৰ জোৱানসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সমগ্ৰ দেশবাসীয়ে ৷ দেশৰ 40 গৰাকীকৈ জোৱান শ্বহীদ হৈছিল এই ভয়াৱহ আক্ৰমণত ৷

উল্লেখ্য যে, আন আন প্ৰান্তৰ লগতে কৰিমগঞ্জতো জোৱানসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৰাষ্ট্ৰীয় বজৰং দলৰ শ্রীভূমি জিলা কমিটিয়ে ৷ ইয়াৰ লগতে ৰাম জন্মভূমিৰ নিধি সংগ্ৰহ অভিযানত দিল্লীত সক্ৰিয় অংশগ্ৰহণ কৰি হত্যাৰ বলি হোৱা দিল্লীৰ যুৱক ৰিংকু শৰ্মাৰ হত্যাকাণ্ডৰ ন্যায় আৰু আত্মাৰ সদগতিৰ বাবেও প্ৰাৰ্থনা অনুষ্ঠানৰ আয়োজন কৰে ৷ সংগঠনটোৰ নেতা-কৰ্মীসকলে ভাৰতত সনাতন ধৰ্ম ৰক্ষাৰ বাবে প্রতিজন সনাতন ধৰ্মাৱলম্বী লোককে হাতত অস্ত্ৰ তুলি ল'বলৈ আহ্বান জনায় ৷

লগতে পঢ়ক:পুলৱামাৰ শ্বহীদলৈ বজৰং দলৰ শ্ৰদ্ধাঞ্জলি

ABOUT THE AUTHOR

...view details