অসম

assam

ETV Bharat / state

বদৰপুৰ অংগনবাদী কেন্দ্ৰত চলি থকা দুৰ্নীতিৰ প্ৰতিবাদত ৰাইজ

অসম চৰকাৰ শিশু আৰু গৰ্ভৱতী মহিলাৰ পুষ্টিকৰ খাদ্য আৰু শিশু শিক্ষাৰ বাবে হাজাৰ হাজাৰ টকা দিলেও বদৰপুৰত হোৱা নাই ইয়াৰ উচিত ব্যৱহাৰ ৷

বদৰপুৰ অংগনবাদী কেন্দ্ৰত চলি থকা দুৰ্নীতিৰ প্ৰতিবাদত ৰাইজ

By

Published : Sep 9, 2019, 9:43 PM IST

বদৰপুৰ, 9 ছেপ্তেম্বৰ : কৰিমগঞ্জ জিলাৰ বদৰপুৰ আই চি ডি এচ অধীনত থকা অংগনবাদী কেন্দ্ৰত ব্যাপক দুৰ্নীতি ৷ নিদ্ৰামগ্ন শিক্ষাবিভাগ ৷ বদৰপুৰ সুসংহত শিশু বিকাশ আঁচনিৰ অধীনত থকা গৰিষ্ঠ সংখ্যক অংগনবাদী কেন্দ্ৰ বৰ্তমান তলা বন্ধ অৱস্থাত । অসম চৰকাৰ শিশু আৰু গৰ্ভৱতী মহিলাৰ পুষ্টিকৰ খাদ্য আৰু শিশু শিক্ষাৰ বাবে হাজাৰ হাজাৰ টকা দিলেও বদৰপুৰত হোৱা নাই ইয়াৰ উচিত ব্যৱহাৰ ৷ এই সমষ্ট টকা ঘৰতে বহি উপভোগ কৰিছে ওৰ্কাৰ ,হেল্পাৰ আৰু চুপাৰভাইজাৰে । কেন্দ্ৰ বিলাকত নাই গৃহ , নাই আন্তঃগাঁথনি, মাথো হৈ আছে চৰকাৰী টকাৰ অপচয় । সোমবাৰে মাছলি জিলা পৰিষদৰ 15 টা অংগনবাদী কেন্দ্ৰত চলি থকা দুৰ্নীতিৰ প্ৰতিবাদত ৰাইজে ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰে ৷

বদৰপুৰ অংগনবাদী কেন্দ্ৰত চলি থকা দুৰ্নীতিৰ প্ৰতিবাদত ৰাইজ

ABOUT THE AUTHOR

...view details