বদৰপুৰ,18জানুৱাৰী : বদৰপুৰত বিদ্যুত স্পৃষ্ট হৈ এজন যুৱকৰ মৃত্যু । মৃত যুৱকজন হৈছে কৰিমগঞ্জৰ বদৰপুৰৰ আলাকুলিপুৰৰ মইনুল হক । ঘটনা অনুসৰি বদৰপুৰ চহৰৰ কালাইৰবন্দৰ অঞ্চলত শনিবাৰে বিয়লি চাৰি বজাত এটা বিল্ডিংৰ ওপৰত কৰ্মৰত অৱস্থাত উচ্চ পৰিবাহী বিদ্যুৎ তাঁৰৰ সংস্পৰ্শত মইনুল হকৰ মৃত্যু ঘটে । তৎক্ষণাত মইনুলক চিকিৎসালয়ত লৈ যোৱা হয় যদিও যুৱকজনৰ মৃত্যু ঘটে ।
বদৰপুৰত বিদ্যুত স্পৃষ্ট হৈ যুৱকৰ মৃত্যু - Badarpur one man died by electric shot
বদৰপুৰ চহৰৰ কালাইৰবন্দৰ অঞ্চলত কৰ্মৰত অৱস্থাত উচ্চ পৰিবাহী বিদ্যুৎ তাঁৰৰ সংস্পৰ্শত এজন যুৱকৰ মৃত্যু ৷
বদৰপুৰত বিদ্যুত স্পৃষ্ট হৈ যুৱকৰ মৃত্যু