বদৰপুৰ,24 ফেব্ৰুৱাৰীঃ সোমবাৰে বিয়লি বদৰপুৰৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভাঙ্গাত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা ৷ পথৰ কাষতে ৰৈ থকা এখন যাত্ৰীবাহী অট’ত পিছপিনৰ পৰা ট্ৰাকে খুন্দিওৱাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয় ৷ দুৰ্ঘটনাটোত থিতাতে নিহত হয় চামেলি দাস নামৰ এগৰাকী মহিলা লগতে গুৰুতৰভাৱে আহত হয় আন পাঁচজন যাত্ৰী । স্থানীয় লোকৰ তৎপৰতাত আহত লোকসকলক উদ্ধাৰ কৰি ততাতৈয়াকৈ শ্ৰীগৌৰি হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷ ক্ষোভিত ৰাইজে কিছু সময়ৰ বাবে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ আৱদ্ধ কৰি ৰাখে ৷ পৰৱৰ্তী সময়ত বদৰপুৰ আৰক্ষী আৰু যান-বাহন আৰক্ষীয়ে দুৰ্ঘটনাগ্ৰস্ত বাহন দুখন আৰক্ষী চকীলৈ লৈ যায় ৷
বদৰপুৰৰ ভাঙ্গাত পথ দুৰ্ঘটনা, নিহত 1 আহত 5
সোমবাৰে বিয়লি বদৰপুৰৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভাঙ্গাত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা ৷ পথৰ কাষতে ৰৈ থকা এখন যাত্ৰীবাহী অট’ত পিছপিনৰ পৰা ট্ৰাকে খুন্দিওৱাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয় ৷ দুৰ্ঘটনাটোত 1 গৰাকী মহিলা নিহত হোৱাৰ বিপৰীতে আহত হয় 5 জনকৈ লোক ৷
বদৰপুৰৰ ভাঙ্গাত পথ দুৰ্ঘটনা, নিহত 1 আহত 5