অসম

assam

ETV Bharat / state

কৰিমগঞ্জত পথৰ নামত মৰণফান্দ !

দক্ষিণ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ অন্তৰ্গত নিলামবজাৰৰ পৰা নতুন বজাৰ সংযোগী গড়কপ্তানি পথটোৰ দুৰৱস্থা ।পথটো পুনঃনিৰ্মাণৰ ক্ষেত্ৰত গুৰুত্ব নাই গড়কপ্তানি বিভাগৰ ।

By

Published : Jun 30, 2019, 10:48 AM IST

কৰিমগঞ্জত পথৰ নামত মৰণফান্দ !

কৰিমগঞ্জ,৩০ জুনঃ কৰিমগঞ্জ জিলাৰ দক্ষিণ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ অন্তৰ্গত নিলামবজাৰৰ পৰা নতুন বজাৰ সংযোগী গড়কপ্তানি পথটো হৈছে অৰ্ধ শতাধিক গাঁও তথা বিলবাড়ী, ফুলকান্দি, সুনাতুলা বিঅ'পিৰ সীমান্ত আৰক্ষীৰ জোৱান সকলৰ যাতায়াতৰ একমাত্ৰ ভৰষা । কিন্তু পৰিতাপৰ বিষয় যে , গুৰুত্বপূৰ্ণ এই পথচোৱা সুদীৰ্ঘ পাঁচ বছৰ ধৰি একপ্ৰকাৰ মৰণ ফান্দত পৰিণত হৈছে । প্ৰায় আঠ কিলোমিটাৰ এই পথত সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড গাঁত । সাধাৰণ যাত্ৰীকে ধৰি স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীয়ে বিশেষকৈ দুৰ্ভোগ ভুগিবলগীয়া হৈছে এই পথটোৰ বাবে ।

কৰিমগঞ্জত পথৰ নামত মৰণফান্দ !
সমগ্ৰ অঞ্চলবাসীয়ে পথটোৰ বাবে যমৰ-যাতনা ভুগি আহিছে যদিও এই ক্ষেত্ৰত গুৰুত্ব নাই গড়কপ্তানি বিভাগৰ । পথটো নিৰ্মাণৰ দাবীত স্থানীয় জনপ্ৰতিনিধিৰ লগতে গড়কপ্তানি বিভাগৰ বিষয়ববীয়াৰ সৈতে যোগাযোগ কৰাৰ পিছতো কেৱল প্ৰতিশ্ৰুতিৰ বাহিৰে একো লাভ কৰা নাই অঞ্চলবাসীয়ে ।

ABOUT THE AUTHOR

...view details