কৰিমগঞ্জ, 6 জুলাই :স্বাস্থ্য বিভাগ (Health Department)ৰ উন্নয়নৰ বাবে অসম চৰকাৰে (Assam Goverment) ন ন আঁচনি গ্ৰহণ কৰাৰ সময়তে কিছুমান এলেকাত ইয়াৰ বিপৰীত চিত্ৰ পৰিলক্ষিত হৈছে । কৰিমগঞ্জৰ স্বাস্থ্য বিভাগ (Health Department)ৰ অধীনষ্ঠ মোক্তাব পশ্চিম পাটাকাউৰী উপ স্বাস্থ্যকেন্দ্ৰ (Sub Health Center)টো নিৰ্মাণৰ পিছৰ পৰা আজিলৈকে মুকলি কৰা হোৱা নাই । যাৰ বাবে এতিয়া চিকিৎসাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে অঞ্চলটোৰ স্থানীয় লোকসকলে ৷
সমগ্র দেশতে ক’ৰণা মহামাৰী (Covid 19)য়ে সংহাৰী ৰূপ ধাৰণ কৰাত ৰাজ্যৰ বিভিন্ন স্থানত ক’ভিড কেয়াৰ চেণ্টাৰ (Covid Care Center)স্থাপন কৰি ৰোগীৰ চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে ৷ এনে এক জটিল ক্ষণত এদিনৰ বাবেও খোলা নহ’ল এই উপ স্বাস্থ্যকেন্দ্ৰ (Sub Health Center)টো । বৰ্তমান জৰাজীৰ্ণ অৱস্থাতে আছে হেজাৰ হেজাৰ টকাৰে নিৰ্মাণ কৰা উপ স্বাস্থ্যকেন্দ্ৰটো (Sub Health Center) ।