অসম

assam

ETV Bharat / state

আন্তঃৰাজ্যিক স্তৰত জিলিকিল অসমৰ খেলুৱৈ - আন্তঃৰাজ্যিক স্তৰত জিলিকিল অসমৰ খেলুৱৈ

দিল্লীত অনুষ্ঠিত নেশ্যনেল স্কুল গেমছত অসমৰ খেলুৱৈৰ পদক দখল ৷ বৰ্তমানলৈকে চাৰিটাকৈ পদক দখল কৰিছে অসমৰ থাং টা মাৰ্ছিয়েল আৰ্ট দলে ৷

দিল্লীত অনুষ্ঠিত নেশ্যনেল স্কুল গেমছ
আন্তঃৰাজ্যিক স্তৰত জিলিকিল অসমৰ খেলুৱৈ

By

Published : Jan 7, 2020, 10:14 PM IST

কৰিমগঞ্জ, 7 জানুৱাৰীঃআন্তঃৰাজ্যিক স্তৰত জিলিকিবলৈ সক্ষম হৈছে অসমৰ খেলুৱৈ । দিল্লীত চলি থকা ৬৫ সংখ্যক নেশ্বনেল স্কুল গেমছত সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক জিকিবলৈ সক্ষম হৈছে অসমৰ থাং টা মাৰ্শ্বিয়েল আৰ্টৰ দলে ৷

আন্তঃৰাজ্যিক স্তৰত জিলিকিল অসমৰ খেলুৱৈ
আন্তঃৰাজ্যিক স্তৰত জিলিকিল অসমৰ খেলুৱৈ

কৰিমগঞ্জ জিলাৰ অনুৰ্দ্ধ ১৪ মহিলা দলৰ হৈ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি দীপিকা ত্ৰিপুৰাই ৰূপৰ পদক আৰু মাহী ত্ৰিপুৰাই ব্ৰঞ্জৰ পদক দখল কৰিবলৈ সক্ষম হৈছে । ইপিনে, কাছাৰ জিলাৰ পৰা অনুৰ্দ্ধ ১৪ পুৰুষ দলৰ হৈ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সুৰজ সিঙে সোণৰ পদক আৰু চিংগিনেম্বা সিঙে ব্ৰঞ্জৰ পদক দখল কৰিবলৈ সক্ষম হৈছে । আনহাতে, শিৱসাগৰ জিলাৰ পৰা অনুৰ্দ্ধ ১৭ পুৰুষ শাখাত প্ৰতিনিধিত্ব কৰা দেৱজ্যোতি দাসে ব্ৰঞ্জৰ পদক দখল কৰিবলৈ সক্ষম হৈছে ।

আন্তঃৰাজ্যিক স্তৰত জিলিকিল অসমৰ খেলুৱৈ

উল্লেখযোগ্য যে, অসমৰ পৰা ১৭ জনীয়া এটা দলে দিল্লীত অনুষ্ঠিত নেশ্বনেল স্কুল গেমছত অংশগ্ৰহণ কৰিছিল । ইতিমধ্যে অনুৰ্দ্ধ ১৪ আৰু অনুৰ্দ্ধ ১৭ বিভাগত চাৰিটা পদক জিকিবলৈ সক্ষম হৈছে দলটোৱে । আনহাতে, অনুৰ্দ্ধ ১৯ শাখাতো দলটোৱে আৰু পদক লাভ কৰিব বুলি আশাবাদী ।

আৰু পঢ়ক : 8 তাৰিখৰ ভাৰত বন্ধত স্তব্ধ হ'ব বেংকিং সেৱা

For All Latest Updates

ABOUT THE AUTHOR

...view details