অসম

assam

ETV Bharat / state

লঙ্গাই নৈত গা ধুবলৈ গৈ কিশোৰীৰ সলিল সমাধি - লঙ্গাই নৈ

বৃহস্পতিবাৰে খুচবু তেওৰিয়াই দুই ভগ্নী-ভাতৃৰ স'তে লঙ্গাই নৈত গা ধুবলৈ বুলি যায় কিন্তু দুৰ্ভাগ্যক্ৰমে ভৰি পিচলি নৈত পৰে কিশোৰীগৰাকী ৷ স্থানীয় লোকৰ বহু চেষ্টাৰ পিচতো সন্ধান উলিয়াব পৰা নাই কিশোৰীগৰাকীৰ৷

লঙ্গাই নৈত গা ধুবলৈ গৈ কিশোৰীৰ মৃত্যু

By

Published : May 24, 2019, 2:16 AM IST

পাথাৰকান্দি, 24 মেঃ এক কৰুণ ঘটনায় শোকাকুল কৰি তুলিছে কৰিমগঞ্জৰ বাজাৰিছড়া আৰক্ষী থানাৰ অন্তর্গত লোয়াৰপোয়া অঞ্চল ৷ নৈত গা ধুবলৈ গৈ সলিল সমাধি ঘটে লোয়াৰপোয়া অঞ্চলৰ খুচবু তেওৰিয়া নামৰ এগৰাকী কিশোৰীৰ ৷

বৃহস্পতিবাৰে খুচবু তেওৰিয়াই দুই ভগ্নী-ভাতৃৰ স'তে লঙ্গাই নৈত গা ধুবলৈ যায় ৷ দুৰ্ভাগ্যক্ৰমে ভৰি পিচলি নৈত পৰে কিশোৰীগৰাকী ৷ বহু চেষ্টাৰ কৰিও স্থানীয় লোকে সন্ধান উলিয়াব নোৱাৰে কিশোৰীগৰাকীৰ৷

লঙ্গাই নৈত গা ধুবলৈ গৈ কিশোৰীৰ মৃত্যু

পৰৱৰ্তী সময়ত আৰক্ষী তথা এচডিআৰএফ বাহিনীয়ে কিশোৰীগৰাকীক বিছাৰি যুটিয়া অভিযান চলাই যদিও বৰ্তমানলৈ সফল হোৱা নাই আৰক্ষী তথা এচডিআৰএফ বাহিনী৷

ABOUT THE AUTHOR

...view details