21 মাৰ্চ, হাইলাকান্দিঃ জনসাধাৰণক সৰ্বদিশৰ পৰা সুৰক্ষা প্ৰদান কৰিবলৈ চৰকাৰ সংকল্পবদ্ধ হ'লেও ব্যৰ্থ আৰক্ষী প্ৰশাসন৷ ৰাজ্যত সঘনে চলি অহা ধৰ্ষণ কাণ্ডই ইয়াকে উদঙাইছে ৷
অমানৱীয় বৰ্বৰতাঃ কৰিমগঞ্জত 5 বছৰীয়া শিশু ধৰ্ষণ
একেটা ভাৰাঘৰতে বাস কৰা সহদেব দাস নামৰ যুৱক এজনে ঘৰত কোনো নথকাৰ চলেৰে এগৰাকী পিতৃহাৰা 5 বছৰীয়া শিশুক ধৰ্ষণ কৰে ৷ সহদেবক কৰায়ত্ত কৰাৰ অভিযানত কৰিমগঞ্জ আৰক্ষী ৷
বুধবাৰে কৰিমগঞ্জতো সংঘটিত হয় এক বৰ্বৰ ঘটনা ৷ প্ৰাপ্ত তথ্য অনুসৰি একেটা ভাৰাঘৰতে বাস কৰা সহদেব দাস নামৰ যুৱক এজনে ঘৰত কোনো নথকাৰ চলেৰে এগৰাকী পিতৃহাৰা 5 বছৰীয়া শিশুক ধৰ্ষণ কৰে ৷ আনৰ ঘৰত বনকৰা শিশুটিৰ মাতৃয়ে কামৰ পৰা ওভতাৰ পিচত প্ৰতিবেশীৰ পৰা সকলো ঘটনাৰ বিষয়ে জানিবলৈ পায় সংজ্ঞাহীন হৈ পৰে ৷
আনহাতে সম্পূৰ্ণ ঘটনা গাপ দিয়াৰ চেষ্টা কৰে ভাৰাঘৰৰ মালিকনীয়ে ৷ যদিও কিছু প্ৰতিবেশী লোকে ইতিমধ্যে মহিলা গৰাকীৰ পক্ষত থিয় দি নিশাৰ ভাগতে আৰক্ষী ওচৰত গোচৰ ৰুজুকৰে ৷ কিন্তু বৰ্তমানো পলাতক ধৰ্ষণকাৰী সহদেব ৷ সহদেবক কৰায়ত্ত কৰাৰ অভিযানত আছে কৰিমগঞ্জ আৰক্ষী ৷