অসম

assam

ETV Bharat / state

কৰিমগঞ্জত কৰুণ ঘটনাঃ বিদ্যুৎস্পৃষ্ট হৈ নিহত কিশোৰ

উল্লেখ্য যে ৰাজুক উদ্ধাৰ বাবে যাওঁতে গুৰুতৰভাৱে আহত হয় অসীম শুক্লবৈদ্য ৷

By

Published : Jun 5, 2019, 7:54 PM IST

কৰিমগঞ্জত কৰুণ ঘটনাঃ বিদ্যুৎস্পৃষ্ট হৈ নিহত এটি কিশোৰ

কৰিমগঞ্জ, 5 জুনঃ বুধবাৰে কৰিমগঞ্জৰ সাধুকুটি গাঁৱত সংঘটিত এক কৰুণ ঘটনা । বিদ্যুৎস্পৃষ্ট হৈ নিহত হয় ৰাজু শুক্লবৈদ্য নামৰ এজন 13 বছৰীয়া কিশোৰ লগতে গুৰুতৰভাৱে আহত হয় অসীম শুক্লবৈদ্য ৷ ঘটনা সন্দৰ্ভত তথ্য অনুসৰি বুধবাৰে ৰাজু শুক্লবৈদ্য নামৰ কিশোৰজনে পুখুৰীত গা ধুবলৈ যাওঁতে পুখুৰীৰ পাৰত থকা এটা বিদ্যুত পৰিবাহী খুটাত স্পৰ্শ হৈ চটফটাই থকা দেখে অসীম শুক্লবৈদ্যই৷

আৰু পঢ়কঃ দেৰগাঁৱত বেংকৰ ভুৱা মেনেজাৰঃ ঋণৰ প্ৰলোভণেৰে লুটিলে গাঁঁওবাসীক

ৰাজুক উদ্ধাৰ বাবে যাওঁতে গুৰুতৰভাৱে আহত হয় অসীম শুক্লবৈদ্য ৷ বৰ্তমান মাকুন্দা খ্ৰীষ্টান মিছনেৰী হাস্পাটালত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে অসীম শুক্লবৈদ্য৷ লগতে বাজাৰিছড়া আৰক্ষীয়ে ৰাজু শুক্লবৈদ্যৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।

ABOUT THE AUTHOR

...view details