অসম

assam

ETV Bharat / state

কৰিমগঞ্জত গ্ৰাম্য বৈদ্যুতিকৰণ আঁচনিৰ নামত ব্যাপক দুৰ্নীতিঃ ঠিকাদাৰৰ বিৰুদ্ধে গোচৰ স্থানীয় ৰাইজৰ - karimgang

বাৰম্বাৰ আপত্তিৰ পাছতো স্থানীয় বিধায়কে কোনো গুৰুত্ব নিদিয়াত ক্ষুব্ধ হৈ পৰে সাধাৰণ ৰাইজ ৷ অৱশেষত উপায়ন্তৰ হৈ ঠিকাদাৰৰ বিৰুদ্ধে পাথাৰকান্দি আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে ক্ষুব্ধ ৰাইজে ।

কৰিমগজ্ঞৰ ঠিকাদাৰৰ বিৰুদ্ধে আৰক্ষী থানাত গোচৰ ৰুজু

By

Published : May 17, 2019, 10:08 AM IST

Updated : May 17, 2019, 10:31 AM IST

কৰিমগঞ্জ, ১৭ মেঃ কৰিমগঞ্জৰ ধলছড়া গাঁৱত গ্ৰাম্য বিদ্যুতিকৰণ (সৌভাগ্য) আঁচনিক লৈ চৰম দুৰ্নীতিৰ অভিযোগ । বিদ্যুৎ সংযোগৰ নামত ৫০০/ৰ পৰা ২০০০/ টকা সংগ্ৰহ কৰাৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে।

কৰিমগজ্ঞৰ ঠিকাদাৰৰ বিৰুদ্ধে আৰক্ষী থানাত গোচৰ ৰুজু

দক্ষিণ কৰিমগঞ্জৰ ধলছড়া গাঁও গ্ৰামীন সহজ বৈদ্যুতিকৰণ সৌভাগ্য আঁচনিৰ নামত ব্যাপক দূৰ্নীতিৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে । চৰকাৰে সৌভাগ্য আঁচনিৰ জৰিয়তে দুখীয়া লোকক বিনামূলীয়াকৈ বিদ্যুৎ যোগান ধৰিছিল যদিও একাংশ অসৎ ঠিকাদাৰে দুখীয়া-দৰিদ্ৰ লোকৰ পৰা বিদ্যুৎ সংযোগৰ নামত অবৈধভাৱে ৫০০/ৰ পৰা ২০০০/ টকা সংগ্ৰহ কৰিছে কৰিমগঞ্জৰ ধলছড়া গাঁৱত ।

আনফালে স্থানীয় বিধায়কে এই কথা বিদ্যুৎ বিভাগক অৱগত কৰাৰ পাছতো অভিয়ুক্ত ঠিকাদাৰৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ পৰে অঞ্চলটোৰ ভুক্ত-ভোগি ৰাইজ । সেয়েহে ঠিকাদাৰৰ বিৰুদ্ধে ধৰ্ণা কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে পথাৰকান্দি আৰক্ষী থানাত ৰুজু কৰিছে গোচৰ ।

লগতে আন এটা বাতৰি- বৈঠালংছ'ত আটক প্ৰাক্তন উগ্ৰপন্থী সদস্য

Last Updated : May 17, 2019, 10:31 AM IST

ABOUT THE AUTHOR

...view details