অসম

assam

কৰিমগঞ্জত বেংক বিষয়াৰ গাফিলতিত গ্ৰাহকৰ হাৰাশাস্তি!!

By

Published : May 8, 2019, 6:19 PM IST

বেংকটোৰ মেনেজাৰক বহুদিনৰে পৰা এই অভিযোগ দি আহিছে যদিও কোনো সঁহাৰি পোৱা নাই গ্ৰাহকসকলে ।

বেংক বিষয়াৰ গাফিলতিত গ্ৰাহকৰ হাৰাশাস্তি

কৰিমগঞ্জ, ৮ মেঃ দক্ষিণ কৰিমগঞ্জৰ অসম গ্ৰামীণ বিকাশ বেংকৰ একাংশ বেংক বিষয়াৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ । কৰিমগঞ্জৰ অসম গ্ৰামীণ বিকাশ বেংকৰ গান্ধাই শাখাত দীৰ্ঘদিনৰ পৰা একাংশ বেংক কৰ্মচাৰীয়ে গ্ৰাহকক হাৰাশাস্তি দি অহাৰ অভিযোগ গ্ৰাহকসকলৰ। দিনৰ দিনটো শাৰি পাতিও লেন-দেন কৰিব নোৱাৰে বুলি মন্তব্য গ্ৰাহকসকলৰ ৷ উল্লেখ্য যে,বেংকটোৰ মেনেজাৰক বহুদিনৰে পৰা এই অভিযোগ দি আহিছে যদিও কোনো সহাৰি পোৱা নাই গ্ৰাহকসকলে। উপায়ন্তৰ হৈ গ্ৰাহকসকলে এই অভিযোগ বেংকৰ উৰ্ধতম কৰ্তৃপক্ষক জনাম বুলি কোৱাৰ স্বত্বেও মেনেজাৰে গা এৰা মন্তব্য দিয়াত ক্ষুব্ধ হৈ পৰে গ্ৰাহকসকল।

বেংক বিষয়াৰ গাফিলতিত গ্ৰাহকৰ হাৰাশাস্তি

ABOUT THE AUTHOR

...view details