কৰিমগঢঞ্জ, 7 নৱেম্বৰঃঅসমৰ ভূমি চুবুৰীয়া ৰাজ্য মিজোৰামে অবৈধভাৱে বেদখল কৰা চেষ্টা চলোৱাৰ পিচতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল সমগ্ৰ বৰাক উপত্যকাতে ৷ একাংশ মিজো লোকে বৰাক উপত্যকাৰ মিজোৰাম সীমান্তৰ গাত লাগি থকা অসমৰ ভূমি বেদখলকৰাৰ বাতৰি পোহৰলৈ আহিছিল ৷
ইফালে অসমৰ ভূমি মিজোৰামে দখলৰ প্ৰতিবাদত ছাত্ৰ সংগঠন আকসাই শনিবাৰে দিয়া বৰাক উপত্যকা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা দেখা গ'ল ৷ ছাত্ৰ সংগঠনটোৱে দিয়া 12 ঘন্টীয়া বৰাক বন্ধৰ সময়ছোৱাত বৰাকৰ তিনিওখন জিলাতে সহাঁৰি দিয়ে জনসাধাৰণে ৷ বন্ধৰ সমছোৱাত বৰাকৰ তিনিওখন জিলাৰ দোকান পোহাৰ সমূহ বন্ধ হৈ থকাৰ লগতে যান বাহনৰ চলাচলো বন্ধ থাকে ৷