অসম

assam

ETV Bharat / state

ৱাঘা সীমান্তৰ দৰে অসম-বাংলাদেশ সীমান্তত চলিব পেৰেড - ভাৰত বাংলাদেশ সীমান্ত

কৰিমগঞ্জ জিলাৰ ভাৰত বাংলাদেশ সীমান্তৰ জিৰো লাইনত থকা পিলাৰৰ পৰা ২০ বিঘা মাটি লাগিব পেৰেডৰ বাবে । ফুট পাৰ্ক,দৰ্শক বহিবলৈ ঠাইৰ লগতে আনুসংগিক ঘৰ থাকিব জিৰ' লাইনত ।

অসম বাংলাদেশ সীমান্তত প্ৰতিদিন চলিব পেৰেড
অসম বাংলাদেশ সীমান্তত প্ৰতিদিন চলিব পেৰেড

By

Published : Jan 15, 2021, 12:54 PM IST

Updated : Jan 15, 2021, 8:23 PM IST

কৰিমগঞ্জ, 15 জানুৱাৰীঃপাঞ্জাবৰ ৱাঘা সীমান্তৰ দৰে অসম বাংলাদেশ সীমান্তত প্ৰতিদিনে চলিব পেৰেড । অসমৰ শিল্প আৰু বাণিজ্য বিভাগৰ আযুক্তৰ নিৰ্দেশত ইতিমধ্যে নিৰ্ধাৰণ কৰা হৈছে ভূমি। কৰিমগঞ্জ জিলাৰ ভাৰত বাংলাদেশ সীমান্তৰ জিৰ' লাইনত থকা পিলাৰৰ পৰা ২০ বিঘা মাটি লাগিব পেৰেডৰ বাবে । ফুট পাৰ্ক,দৰ্শক বহিবলৈ ঠাইৰ লগতে আনুসংগিক ঘৰ থাকিব জিৰ' লাইনত ।

অসম বাংলাদেশ সীমান্তত প্ৰতিদিনে চলিব পেৰেড

এই সৰ্ন্দৰভত কৰিমগঞ্জৰ জিলা উপাযুক্ত আনবামুথান এমপিয়ে কয় যে,পাঞ্জাৱৰ ৱাঘা সীমান্তৰ দৰে অসম বাংলাদেশ সীমান্তত প্ৰতিদিনে চলিব পেৰেড । অসমৰ শিল্প আৰু বাণিজ্য বিভাগৰ আযুক্তৰ নিৰ্দেশত ইতিমধ্যে নিৰ্ধাৰণ কৰা হৈছে ভূমি। কৰিমগঞ্জ সীমান্তত পেৰেডৰ ব্যৱস্থা হ'লে পৰ্যটনৰ বিকাশ হোৱাৰ সম্ভাৱনা আছে । লগতে ভূমি নিৰ্ধাৰণৰ পিছত চৰকাৰে টকা আবন্টন দিয়াৰ সম্ভাৱনা আছে ৷

লগতে পঢ়কঃ বিশ্বনাথত পুনৰ বনৰীয়া ম’হে প্ৰাণ কাঢ়িলে এজনৰ

Last Updated : Jan 15, 2021, 8:23 PM IST

ABOUT THE AUTHOR

...view details